ডিব্ৰুগড়,15 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত এতিয়া গৰম হৈছে নিৰ্বাচনী বতাহ ৷ ক্ষমতাৰ ৰাগীত দল বাগৰি তথা সমষ্টি সলনি কৰি শাসনলৈ অহাৰ অংকত ব্যস্ত হৈ পৰিছে প্ৰতিটো দলৰে বাঘা বাঘা নেতা-পালিনেতা ৷ ইয়াৰ মাজতে চাবুৱা সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাৰ এক মন্তব্যই প্ৰতিফলিত কৰিছে ৰাজনীতিবিদৰ প্ৰকৃত স্বৰূপ ৷ কেৱল ক্ষমতা আৰু শাসনৰ বাঘজৰীডালৰ বাহিৰে যে ৰাজনৈতিক নেতাৰ বাবে একোৱেই ডাঙৰ হ'ব নোৱাৰে সেয়া প্ৰতিফলিত হল বিধায়ক বিনোদ হাজৰিকাৰ মন্তব্যত ৷ সেয়া লাগিলে এসময়ত তেওঁক ভোট দি শাসন ভাৰ দিয়া নিজ সমষ্টিৰ ভোটাৰ ৰাইজেই নহওক কিয় ৷
উল্লেখ্য যে, 2021 ৰ বিধানসভা নিৰ্বাচনত নিজ সমষ্টি চাবুৱা এৰি লাহোৱাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নেতা গৰাকীয়ে ৷ বৰ্তমান লাহোৱাল সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰাৰ ন-ন প্ৰতিশ্ৰুতি দি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে নেতা গৰাকী ৷
লগতে পঢ়কঃ ঢকুৱাখানাত ৰণডংকা বজালে জে পি নাড্ডাই