ETV Bharat / state

Hindu temple Idol vandalised: চাবুৱাত দুস্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিলে শিৱ মন্দিৰ, জ্বলাই দিলে শিৱৰ মূৰ্তি - বাংলাদেশত দুৰ্বৃত্তই ভাঙিলে হিন্দু মন্দিৰৰ মূৰ্তি

চাবুৱাত হিন্দু মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ ৷ বুধবাৰে নিশা প্ৰৱেশ কৰি কোনো দুস্কৃতিকাৰীয়ে শিৱৰ মূৰ্তি জ্বলাই দিয়াৰ লগতে আন এটা নন্দী মূৰ্তি জ্বলাই দিয়ে (Hindu temple Idol vandalised at Chabua) ৷ বৃহস্পতিবাৰে পুৱা মন্দিৰৰ দুটাকৈ মূৰ্তি খণ্ড-বিখণ্ড অৱস্থাত উদ্ধাৰ কৰে মন্দিৰৰ পূজাৰীয়ে ।

miscreants-destroy-idol-in-ancient-shiva-temple-at-chabua
চাবুৱাত শিৱ মন্দিৰ লণ্ডভণ্ড দুস্কৃতিকাৰীৰ, জ্বলাই দিলে শিৱ মূৰ্তি
author img

By

Published : Oct 20, 2022, 10:26 PM IST

ডিব্ৰুগড়, 20 অক্টোবৰ: চাবুৱাত হিন্দু মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ ৷ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তৰ দলে ৷ ঘটনা অনুসৰি, চাবুৱাৰ টাটা গেইট ৰূপে পৰিচিত ঠাইখণ্ড পোৱাৰ পূৰ্বে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত শিৱ মন্দিৰটোত বুধবাৰে নিশা প্ৰৱেশ কৰি কোনো দুস্কৃতিকাৰীয়ে শিৱৰ মূৰ্তিকে ধৰি এটা নন্দী মূৰ্তিও জ্বলাই দিয়ে (Hindu temple Idol vandalised at Chabua) ৷ বৃহস্পতিবাৰে পুৱা মন্দিৰৰ দুয়োটা মূৰ্তি খণ্ড-বিখণ্ড অৱস্থাত উদ্ধাৰ কৰে মন্দিৰৰ পূজাৰীয়ে ।

লগে লগে মন্দিৰৰ পৰিচালনা সমিতিয়ে চাবুৱা আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ মন্দিৰ পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি, নিশা চৌহদ আৰু মন্দিৰৰ তলা ভঙি দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মন্দিৰৰ বাহিৰত অৱস্থিত নন্দী মূৰ্তি আৰু মন্দিৰৰ ভিতৰত থকা শিৱৰ মূৰ্তি, লিংগ আদিত অগ্নি সংযোগ কৰে (Idol vandalised at Chabua) ৷ মন্দিৰ পৰিচালনা সমিতিয়ে উল্লেখ কৰা অনুসৰি শিৱৰ মূৰ্তিটোৰ লগতে মন্দিৰৰ ভিতৰত থকা আচবাববোৰত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে (Miscreants destroy idol in ancient Shiva temple) ৷

চাবুৱাত শিৱ মন্দিৰ লণ্ডভণ্ড দুস্কৃতিকাৰীৰ, জ্বলাই দিলে শিৱ মূৰ্তি

অকল সেয়াই নহয় মন্দিৰটোত থকা কৃষ্ণ আৰু কাৰ্তিকৰ মূৰ্তিৰ মুখমণ্ডলত আঘাতৰ চিন পৰিলক্ষিত হৈছে ৷ মন্দিৰৰ পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি বিগত দুৰ্গা পূজাৰ সময়তো কোনো দুস্কৃতিকাৰীয়ে এই দুটা মূৰ্তিৰ ওপৰত আক্ৰমণ চলাইছিল ৷ ইয়াৰ পিছতে বুধবাৰে নিশা সুযোগ বুজি মন্দিৰৰ চৌহদত প্ৰৱেশ কৰি ক্ষতিসাধন কৰে দুস্কৃতিকাৰীয়ে ৷

মন্দিৰৰ পূজাৰীয়ে জনোৱা অনুসৰি, মন্দিৰ চৌহদত সুৰু-সুৰা দুই এক ঘটনা সংঘটিত হৈ অহাৰ বাবে মন্দিৰত কোনো মূল্যৱান সামগ্ৰী ৰখা নহয় ৷ আনকি জুইশলা বাকচ এটাও নাৰাখি পূজাৰীয়ে সকলো সামগ্ৰী নিজৰ লগত ৰাখে ৷ পূজা শেষ কৰাৰ পিছত পুনৰ নিজৰ লগতে ৰাখি সকলো তলা লগাই নিজ গৃহলৈ গুছি যায় ৷ ইয়াৰ পাছতো দুস্কৃতিকাৰীৰ পৰা ৰক্ষা নহ'ল শিৱমন্দিৰটো । দুষ্কৃতিকাৰীয়ে এনে ঘটনা সংঘটিত কৰাৰ পাছতে সম্প্ৰতি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

মন কৰিবলগীয়া যে, বিগত 7 অক্টোবৰ নিশা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ঝেনাইদাৰতো চাবুৱাৰ দৰে একে ঘটনা সংঘটিত হৈছিল ৷ ৰাষ্ট্ৰখনৰ দৌতিয়া গাঁৱৰ কালী মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰিছিল কোনো দুৰ্বৃত্তৰ দলে (Hindu temple Idol vandalised in Bangladesh)। 8 অক্টোবৰৰ পুৱা মন্দিৰৰ দুটাকৈ মূৰ্তি খণ্ড-বিখণ্ড অৱস্থাত উদ্ধাৰ কৰিছিল মন্দিৰ কৰ্তৃপক্ষই । জিলাখনৰ সহকাৰী আৰক্ষী অধীক্ষক অমিত কুমাৰ বৰ্মনে জনোৱা মতে, দুৰ্বৃত্তই নিশা আন্ধাৰৰ সুযোগ লৈ মন্দিৰত প্ৰৱেশ কৰিছিল আৰু মূৰ্তিটো ভাঙিছিল (Idol vandalised in Bangladesh)৷ স্থানীয় পৰ্টেলৰ বাতৰি অনুসৰি, মূৰ্তিটোৰ মুণ্ডটো মন্দিৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰৈত ৰাস্তাত পেলাই থৈ গৈছিল । সেই সময়ত বাংলাদেশত হোৱা ১০ দিনীয়া দুৰ্গা পূজাৰ মাজতে বিজয়দশমীৰ দিনাই মূৰ্তি বিসৰ্জনৰ মাজতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল ।

লগতে পঢ়ক: Basistha Dev Sarma health is deteriorating: বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য সম্প্ৰতি জটিল হৈ আছে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.