মৰাণ,13 মে': ক'ভিড পৰিস্থিতিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা অন্যান্য বিভিন্ন বিভাগৰ মন্ত্ৰীলৈকে সকলো ব্যস্ত হৈ পৰিছে ৷ প্ৰতিজন মন্ত্ৰীক দুখনকৈ জিলাৰ দায়িত্ব দি ক'ভিড পৰিস্থিতি তদাৰক কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
বৃহস্পতিবাৰে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ, শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়া, স্বাস্থ্য বিভাগৰ চিকিৎসকৰ উপস্থিতিত লেপেটকটা চাহ বাগিচাস্থিত চিকিৎসালয়খন পৰিদৰ্শন কৰে ৷ চিকিৎসালয়খনত প্ৰদান কৰি থকা চিকিৎসা সেৱাৰ লগতে অন্যান্য দিশসমূহৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : অপ্প’ ৰেন’-6 প্ৰ’ত ডিমেনচিটি 1200 ৰ সুবিধা থকাৰ সম্ভাৱনা