ETV Bharat / state

Brothers on fight : দুই ভাতৃৰ মাটিৰ কাজিয়াত কিয় অংশ ল’লে মন্ত্ৰী যোগেন মহনে ?

author img

By

Published : Nov 29, 2021, 3:35 PM IST

মৰাণৰ মাজ মজিয়াত দুই ভাতৃৰ মাজত তয়াময়া ৰণ(Brothers on spat for land in Moran) ৷ কাজিয়া এৰুৱাবলৈ আহিল মন্ত্ৰী যোগেন মহন ৷

minister-jogen-mohon-in-spat-of-brothers-in-moran-town
দুই ভাতৃৰ মাটিৰ কাজিয়াত কিয় অংশ ল’লে মন্ত্ৰী যোগেন মহনে ?

মৰাণ, 28 নৱেম্বৰ : মৰাণ নগৰৰ মাজ-মজিয়াত সংঘটিত হয় এক আমোদজনক ঘটনা ৷ হঠাতে মৰাণৰ ৰাজপথতে দুগৰাকী ভাতৃৰ মাজত সম্পত্তিৰ বাবে তয়াময়া ৰণ লাগি পৰে(Brothers on clash for land) । দুই ভাতৃৰ মাজত মাটি সম্পত্তিকলৈ নগৰৰ মাজ মজিয়াতে কাজিয়া চলি থকাৰ মাজতে ঘটনাস্থলীত মৰাণহাট আৰক্ষীৰ দল, ৰাজহ চক্ৰ বিষয়া ৷

কেৱল ইমানেই নহয় ঘটনা স্থলীত উপস্থিত হয় মাহমৰা সমষ্টিৰ বিধায়ক ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী যোগেন মহন (Minister Jogen mohon in a spat of brothers )। ঘটনাই আমোদ দিলে উপস্থিত সকলোকে ৷ পিছে ৰ’ব এইয়া কোনো সঁচা কাজিয়াাৰ ঘটনা নহয় । অসম চৰকাৰৰ ৰাজহ বিভাগৰ উদ্যোগত ৰূপায়ণ হৈ থকা 'মিছন বসুন্ধৰা' আঁচনিৰ প্ৰচাৰৰ এটা অনুষ্ঠান হে(Awareness program for Mission Vashundhara) ৷

এই সম্পৰ্কত মাহমৰা ৰাজহ চক্ৰৰ উদ্যোগত মৰাণ ট্ৰেফিক পইণ্টৰ সমীপত তথা গায়ত্ৰী হোটেলৰ সন্মুখত এটা শিল্পীৰ দলে পৰিৱেশন কৰা নাটৰ হে দৃশ্য এইয়া ৷

'বাটৰ নাটৰ' জৰিয়তে মাটি-বাৰীৰ সমস্যাসমূহ কিদৰে সমাধান কৰিব পাৰি তাক ৰাইজৰ মাজত প্ৰচাৰ তথা সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এই অনুষ্ঠান আয়োজন কৰা হয়(Awareness program for Mission Vashundhara through street play) । বাটৰ নাটত মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইন্দিকা গগৈৰ লগতে মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহন উপস্থিত থাকি 'মিছন বসুন্ধৰা' আঁচনিৰ সম্পৰ্কত উপস্থিত ৰাইজক অৱগত কৰে ।

লগতে পঢ়ক : BJYM state executive meeting : নগাঁৱৰ সংবাদমেলত কি ক'লে ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ প্ৰতিনিধিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.