ETV Bharat / state

ৰাইজে নিয়ম নমনাৰ বাবে ভয়ানক হৈছে ক'ভিড পৰিস্থিতি: যোগেন মহন

author img

By

Published : Jul 4, 2021, 12:18 PM IST

ৰাইজে ক'ভিড নীতি নিয়ম নমনাৰ বাবেই ভয়ানক হৈছে পৰিস্থিতি । ৰাইজক ক'ভিড নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই মন্ত্ৰীজনে কয়, ৰাইজ সজাগ নহ'লে ক'ভিড পৰিস্থিতি আৰু জটিল হৈ পৰিব ।

ৰাইজে ক'ভিড নীতি নিয়ম নমনাৰ বাবেই ভয়ানক হৈছে ক'ভিড পৰিস্থিতি: যোগেন মহন

মৰাণ, 4 জুলাই : ৰাজ্যৰ ক'ভিড পৰিস্থিতি আজিও সুস্থ হোৱা নাই । বহু জিলাত ভয়ানকভাৱে ক'ভিড ৰোগীৰ চিন্তা হৈ আছে । ইতিমধ্যে কেইবাখনো জিলাত দিয়া হৈছে সম্পূৰ্ণ লক ডাউন । ক'ভিডৰ এই ভয়ানক পৰিস্থিতিৰ মাজতো কিন্তু ৰাইজক সজাগ সচেতন হোৱা পৰিলক্ষিত হোৱা নাই ।

শনিবাৰে মৰাণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে বৰ্তমান ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয় ৰাইজে ক'ভিড নীতি নিয়ম নমনাৰ বাবেই ভয়ানক হৈছে ক'ভিড পৰিস্থিতি । ৰাইজক ক'ভিড নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই মন্ত্ৰী জনে কয়, ৰাইজ সজাগ নহ'লে ক'ভিড পৰিস্থিতি আৰু জটিল হৈ পৰিব । লগতে মন্ত্ৰীজনে কয়, চৰাইদেউ জিলাত দুহেজাৰ ভেকচিন প্ৰতিদিনে দিয়া হৈছে ।

সকলোৱে ধৈৰ্য ধৰিলে ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ সকলোৱে ভেকচিন লাভ কৰিব । ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে সকলো ৰাইজকে প্ৰশাসন আৰু চিকিৎসকসকলক সহযোগFতা কৰিবলৈ আহ্বান জনাই মন্ত্ৰীজনে । বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হৈছে ।

ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশতকৈ কিছু হ্ৰাস পাইছে । বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হোৱা ৩৮ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে । আনহাতে এই সময়চোৱাত ক’ভিডত আক্ৰান্ত হৈছে ২৬৬৯ গৰাকী ব্যক্তি ।

বিগত ২৪ ঘণ্টাত ক’ভিড পৰীক্ষা কৰোৱা হৈছিল ১,৩৭,৬৬৫ গৰাকী ব্যক্তিৰ । সেই অনুসৰি ক’ভিড পজিটিভিটিৰ হাৰ ১.৯৪ শতাংশ । সুস্থতাৰ হাৰ ৯৪.০৭ শতাংশ ।

উল্লেখযোগ্য যে, চৰকাৰে ক’ভিড-19 প্ৰতিৰোধ কৰিবলৈ কৰিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সেয়া পৰিলক্ষিত হোৱা নাই ৷ ভেকচিন প্ৰদান যি হাৰত কৰিব লাগিছিল, সেই হাৰত নোহোৱাৰ বাবে সংক্ৰমণৰ হাৰ আজিও বৃদ্ধি পাই আহিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও ভেকচিন গ্ৰহণ কৰিবলৈ ৰাইজে ক’ভিডৰ নীতি-নিৰ্দেশনা উলংঘা কৰি যোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ প্ৰমাণহীন অভিযোগেৰে ডেৰবছৰে বন্দী কৰি ৰখা হৈছিল অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.