ETV Bharat / state

মন্ত্ৰী যোগেন মহনৰ সৈতে আটাছু কৰ্মকৰ্তাৰ আলোচনা

author img

By

Published : Jun 29, 2021, 1:38 PM IST

সোমবাৰে ৰাজহ মন্ত্ৰী যোগেন মহন (JOGEN MOHAN) ৰ সৈতে আলোচনাত মিলিত হ'ল সদৌ টাই আহোম ছাত্ৰ সন্থা (ATASU)ৰ চৰাইদেউ জিলা সমিতিৰ কৰ্মকৰ্তাই । আহোম জনগোষ্ঠীৰ উন্নয়ন সম্পৰ্কে কৰ্মকৰ্তাসকলে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে ।

Minister Jogen Mohan holds meeting with ATASU leaders
মন্ত্ৰী যোগেন মহনৰ সৈতে ATASUৰ কৰ্মকৰ্তাৰ আলোচনা

মৰাণ, ২৯ জুন: বৰ্তমান ভাষা, সংস্কৃতি আদিকে ধৰি বিভিন্ন বিষয়ক লৈ সমস্যাৰে জৰ্জৰিত হৈ আছে আহোম জনগোষ্ঠী (Ahom tribe)। সেয়েহে সোমবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থা (ATASU)ৰ চৰাইদেউ জিলা সমিতিৰ এটা প্ৰতিনিধি দলে মৰাণত আহোম জনগোষ্ঠীৰ হৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ এগৰাকী মন্ত্ৰী যোগেন মহন (JOGEN MOHAN)ক সাক্ষাৎ কৰে । কৰ্মকৰ্তাসকলে মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে মন্ত্ৰীজনৰ সৈতে আহোম জনগোষ্ঠী (Ahom tribe)ৰ উন্নয়নৰ সম্পৰ্কে আলোচনা কৰে ।

বিশেষকৈ টাই আহোম জনগোষ্ঠী (Tai Ahom tribe) ৰ জনজাতিকৰণৰ বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ দাবী জনায় সংগঠনটোৰ নেতৃত্বই । লগতে টাই ভাষা-সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত অতি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীজনক আহ্বান জনায় । উল্লেখ্য যে, ৰাজহ মন্ত্ৰী যোগেন মহনে (Jogen Mohan) আহোম জনগোষ্ঠীক নেতৃত্ব দি বিগত সোণোৱাল চৰকাৰৰ দিনতো মন্ত্ৰীত্ব লাভ কৰিছিল যদিও জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে বিশেষ কিবা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।

এইবাৰো কেইবাটাও দপ্তৰৰ দায়িত্ব দিয়া হৈছে যোগেন মহনক । বিভাগীয় দায়িত্ববোৰ সঠিকভাৱে পালন কৰি জন কল্যাণৰ বাবে মন্ত্ৰীগৰাকীয়ে কি কাৰ্যপন্থা হাতত লয় সেয়া লক্ষণীয় হ'ব ।

ইফালে, বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণতো সদৌ টাই আহোম ছাত্ৰ সন্থাই (ATASU) আহোম জনগোষ্ঠী (Ahom tribe)ৰ সমস্যাসমূহৰ বিষয়ে উনুকিয়াই দি ৰাইজক বিবেকেৰে ভোটদান কৰিবলৈ আহ্বান জনাইছিল । কিয়নো, নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীয়ে ৰাইজৰ উন্নয়নমূলক কাম কৰাৰ আশ্বাস দিয়ে যদিও সময়ত সেয়া কাৰ্যতঃ প্ৰতিফলিত নহয় । ফলত বছৰ বছৰ ধৰি ৰাইজে সমস্যাবোৰৰে যুঁজ দি থাকিবলগীয়া হয় ।

সেয়ে, কৰ'ণা মাহামাৰীৰ সংকটৰ মাজতো মাহমৰা সমষ্টি (Mahmora constituency)ৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন (Jogen Mohan)ৰ কাষ চাপিছে সদৌ টাই আহোম ছাত্ৰ সন্থা (ATASU)ৰ সদস্যসকল । এইবাৰ জনগোষ্ঠীটোৰ বাবে কল্যাণকামী আঁচনি গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীক সংগঠনটোৱে আহ্বান জনাইছে । আহোম জনগোষ্ঠীৰ লোকসকলে যাতে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে তাৰ বাবে সহায় কৰিবলৈও তেওঁলোকে মন্ত্ৰীগৰাকীক আহ্বান জনায় ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত হেমাহি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.