মৰাণ, 5 ফেব্ৰুৱাৰী: বিধানসভালৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা ৷ শাসকীয় দল বিজেপিয়ে বিভিন্ন প্ৰান্তত ৰাজনৈতিক সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে ৰাজ্যত নতুনকৈ গঠন হোৱা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলেও সাংগঠনিক ভেটী সৱল কৰাৰ বাবে চেষ্টা চলাই আছে ৷
তাৰ মাজতে বৃহস্পতিবাৰে মৰাণত ভূমি পট্টা বিতৰণ অনুষ্ঠানত দুয়োটা দলক কটাক্ষ কৰি মন্ত্ৰী যোগেন মহনে কয় যে, ৰাইজৰ দল আৰু এজেপিক ৰাইজে কেনেদৰে গ্ৰহণ কৰিব সেয়া ৰাইজে বিবেচনা কৰিব । বিজেপি মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে যি কাম কৰিছে সেয়া ৰাইজে কেতিয়াও নাপাহৰে। অসমখনক আগুৱাই নিবলৈ কেৱল বিজেপি দলৰ চৰকাৰেহে পাৰিব ৷ ইয়াৰ লগতে এআইইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে, দুয়োটা দলে মিত্ৰতা কৰি অস্তিত্বহীন হৈ পৰিছে ৷ আগন্তুক নিৰ্বাচনত ফলাফল অতি বেয়া হ'ব দুয়োটা দলৰে ৷