মৰাণ, 2 মেঃ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (স্বতন্ত্ৰ) তথা গড়কাপ্তানি (সহযোগী) মন্ত্ৰী যোগেন মহনৰ ৫ জন গৃহ নিৰাপত্তাৰক্ষীৰ COVID 19 ৰ পৰীক্ষা নিগেটিভ অহাত সকাহ পাইছে মৰাণবাসীয়ে ৷ দৰাচলতে, ২৪ এপ্ৰিলৰ নিশা মন্ত্ৰীগৰাকীৰ গৃহ নিৰাপত্তাৰক্ষী দায়িত্বত নিয়োজিত ঠগিৰাম বৰা (৩২) ৰেডজ'ন গোলাঘাটৰ নিজা ঘৰৰ পৰা মন্ত্ৰীগৰাকীৰ মৰাণস্থিত বাসগৃহলৈ আহি নিৰাপত্তাৰক্ষী আৱাসগৃহত প্ৰৱেশ কৰিছিল ৷ ফলত ঠগিৰাম বৰাৰ সংস্পৰ্শলৈ আহিছিল আন ৪ জন নিৰাপত্তাৰক্ষী । ততাতৈয়াকৈ ২৫ এপ্ৰিলত ডিমৌ কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল মন্ত্ৰীগৰাকীৰ 5 জন গৃহ নিৰাপত্তাৰক্ষীক ।
পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া নিৰঞ্জন দাসে পাঁচজন গৃহ নিৰাপত্তাৰক্ষীৰ COVID 19 ৰ পৰীক্ষা নিগেটিভ বুলি জনাই ৷ এই খবৰে মৰাণত কৰ'ণা আতংকৰ ক্ষেত্ৰত কিছু সকাহ দিয়ে যদিও বৃহস্পতিবাৰে পুনৰ এজন লোকক ৰেডজ'নৰ পৰা অহাৰ বাবে ডিমৌ কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰে ৷ লোকজনৰ পত্নী, সন্তানকো হোম কোৱাৰেণ্টাইন কৰা ফলত পুনৰ আতংকিত হৈ পৰিছে মৰাণবাসী ।