ETV Bharat / state

Sankardev Sangha Adhibeshan: হৰি নামেৰে মুখৰিত হৈছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ - Minister Bimal Borah visits venue of Sankardev Sangha Adhibeshan

হৰি নামেৰৰ অমৃত ধ্বনিৰে মুখৰিত হৈ পৰিছে ডিব্ৰুগড়ৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ (Annual Session of srimanta Sankardev Sangha) ৷ সোমবাৰে শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতি বুজ লয় মন্ত্ৰী বিমল বৰাই (Minister Bimal Borah visits venue of Sankardev Sangha Adhibeshan) ৷

Minister Bimal Borah visits venue of Sankardev Sangha Adhibeshan
Sankardev Sangha Adhibeshan: হৰি নামেৰে মুখৰিত হৈছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ
author img

By

Published : Feb 22, 2022, 10:21 PM IST

মৰাণ, 22 ফেব্ৰুৱাৰী : হৰি নামেৰে মুখৰিত হৈছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ ৷ কিয়নো আগন্তুক ২৫ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড় জিলাৰ আতিথ্যত আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত নাহৰকটীয়া ৰাঙলী-কলীয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন (91st Annual Session of Srimanta Sankardeva Sangha)। অধিৱেশনখনি সুকলমে অনুষ্ঠিত কৰিবলৈ এতিয়া যুদ্ধংদেহী পৰিৱেশ সৃষ্টি হৈছে অধিৱেশনস্থলীত ।

Sankardev Sangha Adhibeshan: হৰি নামেৰে মুখৰিত হৈছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ

বতৰে কিছু বিধি পথালি দিছে যদিও অধিৱেশনৰ মূল মণ্ডপ, ভোজনালয়, শিৱিৰ, বিশেষ প্ৰতিনিধি শিৱিৰৰ কাম ইতিমধ্যে সম্পন্ন হৈছে । শ্ৰীমন্ত শংকৰদেৱ সংঘ(Srimanta Sankardeva Sangha)ৰ বাৰ্ষিক অধিৱেশনখনিক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে ডিব্ৰুগড়বাসী ৰাইজ ৷ ইফালে এই অধিৱেশনখনি সুকলমে অনুষ্ঠিত কৰিবৰ বাবে ডিব্ৰুগড় তথা অসমবাসীৰ সহায়-সহযোগ বিচাৰিছে আয়োজক কমিটিয়ে ৷

জানিব পৰা মতে, শেষৰ দিনা মূল মণ্ডপত অনুষ্ঠিত হ'ব লগা মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী ।

সোমবাৰে মন্ত্ৰী বিমল বৰা উপস্থিত হয় অধিৱেশনস্থলীত ৷ অধিৱেশনস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অধিৱেশনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । লগতে অধিৱেশনলৈ চৰকাৰৰ ফালৰ পৰা যথাসম্ভৱত সকলো ধৰণৰ সহযোগিতা কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই । উল্লেখ্য যে, সোমবাৰে মন্ত্ৰী বিমল বড়াৰ সৈতে উপস্থিত থাকে বিধায়ক তৰংগ গগৈয়ো ৷

লগতে পঢ়ক : Srimanta Sankardeva Sangha : অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে ডিব্ৰুগড়ৰ উপায়ুক্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.