ETV Bharat / state

খনিকৰৰ কঠিয়াতলিত কৃষি মন্ত্ৰী অতুল বৰা - Dibrugarh District Agriculture Department

বানাক্ৰান্ত কৃষকৰ বাবে ডিব্ৰুগড়ৰ খনিকৰত সমূহীয়াভাৱে সিঁচা হয় শালি ধানৰ কঠিয়া ৷ সমূহীয়াভাৱে সিঁচা শালি ধানৰ কঠিয়াতলি পৰিদৰ্শন কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।

Minister Atul Borah visited paddy field of Dibrugarh
খনিকৰৰ কঠিয়াতলিত কৃষি মন্ত্ৰী অতুল বৰা
author img

By

Published : Jul 23, 2021, 10:19 PM IST

মৰাণ, 23 জুলাই : বানাক্ৰান্ত কৃষকক সহায় কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ৰাজ্যৰ কৃষি বিভাগ । কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ বানাক্ৰান্ত কৃষকৰ বাবেও সিঁচা হ'ল শালি ধানৰ কঠিয়া । বানৰ বাবে কঠিয়া সিঁচিব নোৱাৰি ভূঁই ৰোৱা সময়ত প্ৰায়ে কঠিয়াৰ বাবে হাবাথুৰি খাবলগীয়া হয় কৃষক সকলে ৷

শুকুৰবাৰে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উদ্যোগত ডিব্ৰুগড় জিলা কৃষি বিভাগৰ সহযোগত বানাক্ৰান্তক বিনামূলীয়া কঠিয়া যোগানৰ উদ্দেশ্যে শালি ধানৰ কঠিয়া সিঁচা হয় ৷ ডিব্ৰুগড়ৰ খনিকৰত সমূহীয়াভাৱে সিঁচা হয় এই শালি ধান কঠিয়া ৷ সমূহীয়াভাৱে সিঁচা এই শালি ধানৰ কঠিয়া পৰিদৰ্শন কৰে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাই ।

Minister Atul Borah visited paddy field of Dibrugarh
খনিকৰৰ কঠিয়াতলিত কৃষি মন্ত্ৰী অতুল বৰা

কঠিয়াতলি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে আৰু ডিব্ৰুগড় জিলা কৃষি বিভাগ আৰু কৃষি উন্নয়নমুখী গোটক কৃতজ্ঞতা জ্ঞাপন কৰে। কৃষকৰ বাবে উন্নয়নমুখী গোটে গ্ৰহণ কৰা তৎপৰতাৰ কথাও জিলা উপায়ুক্ত গৰাকীয়ে পৰিদৰ্শন কালত কৃষিক মন্ত্ৰী গৰাকীক অৱগত কৰে ৷

পৰিদৰ্শনৰ সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা, জিলা কৃষি বিষয়া সুৰ্য কুমাৰ শ্যাম, কৃষি উন্নয়ন বিষয়া শ্ৰীলেখা হাজৰিকা, কৃষি কাৰিকৰী বিষয়া প্ৰেৰণা প্ৰৱৰ গগৈ, কৃষি অভিযান্ত্ৰিক বিভাগৰ মহকুমা বিষয়া ভুপেন দাস, কৃষি ক্ষেত্ৰ সহায়ক মানকটাৰ ৰাজীৱ গগৈ আদিয়ে ৷

লগতে পঢ়ক: আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো: এম বাথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.