মৰাণ, ২২ জুন:সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰাৰ পাছত মঙলবাৰে ডিব্ৰুগড়ৰ কেইবাটাও টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে কৃষি মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা(ATUL BORA)ই । টীকাকৰণ অভিযান সফল কৰাৰ ক্ষেত্ৰত অভিভাৱক মন্ত্ৰী হিচাপে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । টেঙাখাত মহাবিদ্যালয়ত স্থাপন কৰা টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈ তেওঁ সকলোকে ক'ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় ।
ৰাজ্যত দেখা দিয়া ভয়াৱহ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ডিব্ৰুগড় জিলা প্ৰশাসনেও টিকাকৰণ অভিযান সম্পূৰ্ণৰূপে সফল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ১৮ বছৰৰ উৰ্দ্ধৰ প্ৰতিগৰাকী নাগৰিকে যাতে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে তাৰ বাবে সোমবাৰৰ পৰা জিলাখনৰ বিভিন্ন টীকাকৰণ কেন্দ্ৰত নাম পঞ্জীয়ন কৰি টিকাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সেই অনুসৰি, সোমবাৰে দুলীয়াজান বিধানসভা সমষ্টিৰ বহু কেইটা কেন্দ্ৰত চিকিৎসকৰ দলে টীকাকৰণ কৰি থকা সময়ত কৃষি মন্ত্ৰী অতুল বৰা টেঙাখাত মহাবিদ্যালয়ৰ কেন্দ্ৰত উপস্থিত হয় ।
সমাজৰ সকলো শ্ৰেণী লোককে ক'ভিড প্ৰতিষেধক ল'বলৈ আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায় । টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ লগত স্থানীয় বিধায়ক তেৰচ গোৱালাও উপস্থিত থাকে ৷ উল্লেখ্য যে, সোমবাৰে ডিব্ৰুগড়ত উপস্থিত হৈছিল কৃষি মন্ত্ৰীগৰাকী ।
দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি আৰু টীকাকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতে সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় অভিভাৱক মন্ত্ৰীগৰাকী । তেওঁ চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকৰ কাৰ্যালয়ত এখন বৈঠকতো মিলিত হয় । তেওঁ চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকৰ কাৰ্যালয়ত এখন বৈঠকতো মিলিত হৈছিল ।
এই বৈঠকত ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলী আৰু ক'ভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে । লগতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱনিৰ্মিত অতি বিশেষ সেৱা ভৱন, মেডিকেল অক্সিজেন উৎপাদন কেন্দ্ৰটো পৰিদৰ্শন কৰি ৰোগীসকলৰ বাবে প্ৰয়োজনীয় অক্সিজেন যোগান নিশ্চিতকৰণৰ নিৰ্দেশ দিয়ে ।
PLEASE CHANGE THUMBNAIL IMAGE
লগতে পঢ়ক:কৰ'ণাত বিধ্বস্ত সৰ্থেবাৰীৰ কাঁহ শিল্প