ETV Bharat / state

বাৰেৰহণীয়া কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন মে ডাম মে ফী

author img

By

Published : Jan 31, 2020, 7:41 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে পালন কৰা হয় মে-ডাম-মে-ফী ৷ মে ডাম মে ফী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ উপস্থিত সকলোৱে পুলিন পুথাওসকলৰ আশীৰ্বাদ বিচাৰে ৷ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে পূৰ্বপুৰুষক সুঁৱৰি উদযাপিত হয় এই অনুষ্ঠান ।

মে ডাম মে ফী
ভিন্ন প্ৰান্তত পালন মে ডাম মে ফী

নিউজ ডেস্ক,31 জানুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে পালন কৰা হয় মে-ডাম-মে-ফী ৷ গোলাঘাটতো আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফী উদযাপন। গোলাঘাট কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন সমিতিয়ে পুলিবৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে অনুষ্ঠানটো । মে-ডাম-মে-ফী উপলক্ষে আয়োজিত পূজাৰ অন্তত বিভিন্ন প্ৰতিযোগিতা, খেল-ধেমালিৰ আয়োজন কৰে উদ্যোক্তা কৰ্তৃপক্ষই ৷

ধেমাজিঃ ধেমাজিৰ ঐতিহাসিক হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উদ্যোগত আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সহযোগত হাবুঙত পৰম্পৰাগত ৰীতি-নীতিৰে মে-ডাম-মে-ফী উদযাপন কৰা হয় ৷ স্বৰ্গদেউ চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুঙত মে-ডাম-মেফী উপলক্ষে পতাকা উত্তোলন,বন্তি প্ৰজ্বলন, মৈদাম তৰ্পণ আৰু পূজা-অৰ্চনা কৰা হয় ৷ তদুপৰি দিনৰ ১২ বজাৰপৰা মুকলি সভা অনুষ্ঠিত হয় ৷

কা বিৰোধী মে ডাম মে ফী

শিৱসাগৰঃ শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয় বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি সন্মিলন ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানটো ৷ অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ,নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ চি জমিৰ,সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীকে ধৰি বহু কেইগৰাকী অতিথি উপস্থিত থাকে ৷ অতিথিসকলে মে-ডাম মে-ফী উপলক্ষে টাই ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত বানফী আৰু ফুৰালুং অনুষ্ঠানত অংশ লৈ পুলিন পুথাওসকলৰ আশীৰ্বাদ বিচাৰে ৷ বিশিষ্ট টাই পণ্ডিত পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনে টাই আহোম জনগোষ্ঠীৰ মে-ডাম-মে-ফী ৰ তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰে ৷

লখিমপুৰঃ লখিমপুৰ জিলাৰ লালুক খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মে-ডাম-মে-ফী ৷ টাই আহোম ছাত্র সন্থা,টাই আহোম যুৱ পৰিষদৰ লালুক নাওবৈচা আঞ্চলিক আৰু স্থানীয় লোকৰ সহযোগত স্মৰণ কৰা হয় পূৰ্বপুৰুষসকলক ৷ বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত আয়োজিত মুকলি অধিৱেশনত প্ৰদৰ্শন কৰা হয় বিভিন্ন অনুষ্ঠানৰ ৷

ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰগাঁৱত টাই আহোম যুৱ পৰিষদ বৰপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত কা বিৰোধী মে-ডাম-মে-ফী উদযাপন কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উদ্যোক্তা কমিটিয়ে ব্যৱহাৰ কৰে ক’লা পতাকা । সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে পূৰ্বপুৰুষক সুঁৱৰি উদযাপিত হয় এই অনুষ্ঠান ।

জোনাইঃ ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তত জোনাই টাই আহোম সমাজৰ উদ্যোগত তথা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত স্থানীয় চুকাফা ভৱনত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি,পৰম্পৰাৰে টাই আহোম জনগোষ্ঠীৰ লোকসকলে মে-ডাম-মে-ফী উৎসৱ পালন কৰে ৷ ধেমাজিৰ চিমেন চাপৰিতো কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় মে-ডাম-মে-ফী ৷ চিমেন চাপৰিত টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত চিমেন চাপৰি হাইস্কুল খেলপথাৰত চাৰিদিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ শুকুৰবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত চিমেন চাপৰি অঞ্চলত বিভিন্ন জাতি,বৰ্ণ,নিৰ্বিশেষে একত্ৰিত হৈ বাহিৰ কৰে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷

ভিন্ন প্ৰান্তত পালন মে ডাম মে ফী

বঢ়মপুৰঃ কামপুৰত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদৰ মে-ডাম-মে-ফী কাৰ্যসূচীত কা ৰ বিৰোধিতা কৰে উদ্যোক্তা সমিতিয়ে ৷ কামপুৰৰ আহোম গাঁৱত পৰম্পৰাগত নিয়ম অনুসৰি বৃহত্তৰ অঞ্চলৰ টাই আহোম যুৱ পৰিষদৰ লগতে সকলো টাই ধৰ্মীয় লোকে শুকুৰবাৰে পালন কৰে মে-ডাম-মে-ফী ৷ উল্লেখ্য যে,১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই অসমত ৰাজত্ব কৰা দিনৰে পৰা পালন কৰি অহা হৈছে মে-ডাম-মে-ফী পূজা । অনুষ্ঠানটোত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত ৷

মৰিয়নীঃ মৰিয়নীতো উদযাপন মে-ডাম-মে-ফী ৷ আহোমৰ পুলিন পুথাসকলক স্মৰণ কৰি শুকুৰবাৰৰ দিনটোত উদযাপন কৰা হয় মে-ডাম-মে-ফী ৷ সমগ্ৰ ৰাজ্যৰ লগতে মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় এই কাৰ্যসূচী ৷ অনুষ্ঠানৰ আৰম্ভণিতে আহোমৰ শেষ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ পৰিনাতি ৰাজকুমাৰ আলোক নাৰায়ণ সিংহই মৈদাম মুকলি কৰে ৷

লগতে চাওকঃগুৱাহাটীত কেৰেলাৰ কলা-কৃষ্টি প্ৰদৰ্শন

Intro:গোলাঘাটতো আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফী উদযাপন। গোলাঘাট কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন সমিতিয়ে গোলাঘাট পুলিবৰত উদযাপন কৰে মে-ডাম-মে-ফী।

Body:গোলাঘাটতো আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফী উদযাপন। গোলাঘাট কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন সমিতিয়ে গোলাঘাট পুলিবৰত উদযাপন কৰে মে-ডাম-মে-ফী। গোলাঘাটৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত অষ্টম বাৰ্ষিক মে-ডাম-মে-ফী উদযাপন কৰে। মে-ডাম-মে-ফীৰ পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পূৰ্ণ ৰাজখোৱাই। মৈদাম তৰ্পন কৰে গোলাঘাট জিলা তাই সাহিত্যৰ সভাপতি পুতু গোঁহাইয়ে। ডাম-ফী পূজা আৰু বিভিন্ন প্ৰতিযোগিতা, খেল ধেমালিৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে মে-ডাম-মে-ফী।

Conclusion:Byte 1: উদ্যোক্তা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.