মৰাণ,1 ফেব্ৰুৱাৰীঃ দেওবাৰে ৰাজ্যজুৰি উলহমালহৰে পালন কৰা হ’ল মে-ডাম-মে-ফী ৷ টাই আহোম সকলৰ ধৰ্মী পৰম্পৰা অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফী ডিব্ৰুগড়ৰ মৰাণতো উদযাপন কৰা হয় ।

উল্লেখযোগ্য যে, এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে । মৰাণ বিধানসভা সমষ্টিৰ হাতীগড়, চাউদাং, চাউল কৰা, চাংমাই আৰু নাজিৰাপুৰীয়াবাসীৰ উদ্যোগত চাউদাং গাঁৱৰ ৰাজহুৱা খেলপথাৰত আহোমৰ ধৰ্মীয় নীতি নিয়মেৰে মে-ডাম- মে-ফী উদযাপন কৰা দেখা গ’ল । উক্ত অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
