ডিব্ৰুগড়,15 মাৰ্চ: ডিব্ৰুগড় বাণীপুৰত সোমবাৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ নৱ গঠিত ত্ৰয়োদশ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ শপত গ্ৰহণ অনুষ্ঠানত সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈ উপস্থিত থাকি মটক জনগোষ্ঠীৰ হৈ কাম কৰি যাবলৈ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰে ৷
তেওঁ জনগোষ্ঠীটোৰ জনজাতিকৰণ নোহোৱাত চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে বিজেপিয়ে কেৱল মুখ বন্ধ কৰিবলৈ স্বায়ত্ব পৰিষদৰ কাউঞ্চিলখন দিলেই নহ'ব বুলি মন্তব্য কৰি যি চৰকাৰেই নহওঁক কিয় জনজাতিকৰণ লাগিবই বুলি সজোৰে দাবী উত্থাপন কৰে । অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেতাগৰাকীয়ে ।
লগতে পঢ়ক : মন্ত্ৰী হিমন্তক ক্ষুৰধাৰ সমালোচনা ৰাণা গোস্বামীৰ