ETV Bharat / state

'কা' বাতিলৰ দাবীত টিংখাঙত মানৱ শৃংখল - সমালোচনা

টিংখাঙত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মানৱ শৃংখল ৷ লগতে, কা বিৰোধী সকলো কাৰাবন্দীক মুক্তিৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

Massive Protest In Tinkhong, Protesters Demand Release To Akhil Gogoi
'কা' বাতিলৰ দাবীত টিংখাঙত মানৱ শৃংখল
author img

By

Published : Aug 31, 2020, 3:23 PM IST

টিংখাং, 31 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে মঙলবাৰে টিংখাঙত ' কা ' বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কৃষক নেতা অখিল গগৈ, শশী শেনছোৱা, হেমন্ত কোঁৱৰক অনতিপলমে মুক্তি দিয়াৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে, প্ৰতিবাদকাৰী সকলে টিংখাঙৰ ৰাজগড়ৰ পৰা বাইক ৰেলী বাহিৰ কৰি সমষ্টিটোৰ বিভিন্ন স্থানলৈ প্ৰতিবাদ কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু টিংখাং প্ৰশাসনে বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী সকলে টিংখাঙতে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

'কা' বাতিলৰ দাবীত টিংখাঙত মানৱ শৃংখল

আনহাতে, ' কা ' বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদক প্ৰশাসনে বাধা প্ৰদান কৰাত টিংখাং প্ৰশাসনৰ বিৰুদ্ধেও ক্ষোভ উজাৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে, টিংখাং প্ৰশাসন ৰাজনৈতিক নেতাৰ পকেটৰ ৰুমাল বুলিও কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, পৰৱৰ্তী সময়ত 'কা' বিৰোধী নেতাৰ লগতে নাগৰিকত্ব সংশোধনী আইনখন বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : NEET-JEE পৰীক্ষাক কেন্দ্ৰ কৰি কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.