ETV Bharat / state

অসমীয়া মানুহে নামঘৰত চাকি জ্বলালে কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয়ঃ কৃষক মুক্তি সংগ্ৰাম সমিতি - সাংস্কৃতিক কাৰ্যসূচী

অসমীয়া মানুহে নামঘৰত চাকি জ্বলালে কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয় । অসমত অসমীয়া মানুহৰ দপদপনি, অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব । 'কা' আইন বাতিল হ'বই লাগিব ৷ অখিল গগৈ, শশী সেনচোৱা, হেমন্ত কোঁৱৰ আদিৰ লগতে 'কা' আন্দোলনৰ সকলো কাৰাবন্দীক বিনাচৰ্তে মুকলি কৰি দিব লাগিব ৷ এই দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই দাবীৰ উখাপন কৰে সংগঠনটোৱে ৷

MASSIVE PROTEST IN ASSAM TINKHONG, PROTERSTERS DEMAND RELEASE TO AKHIL GOGOI
অসমীয়া মানুহে নামঘৰত চাকি জ্বলালে কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয়ঃ কৃষক মুক্তি সংগ্ৰাম সমিতি
author img

By

Published : Aug 3, 2020, 10:40 PM IST

টিংখাং, 3 আগষ্ট : বিজেপি চৰকাৰে কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিক লক্ষ্য কৰি লোৱাৰ কাৰণ কি । অসমীয়া মানুহে নামঘৰত চাকি জ্বলালে কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয় । অসমত অসমীয়া মানুহৰ দপদপনি, অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব । 'কা' আইন বাতিল হবই লাগিব ৷ অখিল গগৈ, শশী সেনচোৱা, হেমন্ত কোঁৱৰ আদিৰ লগতে 'কা' আন্দোলনৰ সকলো কাৰাবন্দীক বিনাচৰ্তে মুকলি কৰি দিব লাগিব ৷ এই দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই দাবীৰ উখাপন কৰে সংগঠনটোৱে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি গণেশ গগৈ, লেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি দেৱজিত বৰুৱা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ দীপক মাঝী, কৃষক নেতা নিতুল বৰুৱা আদিৰ উপস্থিতিত টিংখাঙৰ ৰাজগড়ত সংবাদমেল আয়োজন কৰি ডিব্ৰুগড় জিলা যুটীয়া সম্পাদক শশী সেনচোৱা আৰু হেমন্ত কোঁৱৰক 2 আগষ্টৰ সন্ধিয়া গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে সংগঠনটোৱে ।

অসমীয়া মানুহে নামঘৰত চাকি জ্বলালে কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয়ঃ কৃষক মুক্তি সংগ্ৰাম সমিতি

উল্লেখযোগ্য যে, 'কা' আন্দোলন কৰি গ্ৰেপ্তাৰ হোৱা শশী সেনচোৱা কেইটামান দিনৰ পূৰ্বে জেলৰ পৰা মুক্তি লাভ কৰিছিল । পুনৰ 2 আগষ্টত টিংখাঙৰ শালমাৰী দীঘলীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 'কা' আইন বাতিল আৰু কৃষক নেতা অখিল গগৈৰ আৰোগ্য আৰু মুক্তি লাভৰ বাবে নামঘৰত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে সান্ধ্য আইনৰ সময় অতিক্ৰম কৰাৰ অপৰাধত শশী সেনচোৱা আৰু হেমন্ত কোঁৱৰক টিংখাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমবাৰে জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

আনহাতে, এই ঘটনাৰ পিচত জিলা যুটীয়া সম্পাদকদ্বয়ক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা ঘটনাক কৃষক মুক্তিয়ে তীব্ৰ গৰিহণা দি আৰক্ষীক ৰাজনৈতিক নেতাৰ হাতৰ মুঠিত থাকি কাম নকৰিবলৈ অনুৰোধ জনায় । ইফালে, সংবাদমেলত নাগৰিকত্ব সংশোধনী আইন 2019 সমৰ্থন কৰা টিংখাঙৰ বিধায়ক বিমল বড়াক বাংলাদেশী চৰদাৰ আখ্যা দি আগন্তুক 2021 চনৰ নিৰ্বাচনৰ প্ৰাকক্ষণত টিংখাঙত কৃষক মুক্তিৰ দ্বাৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ বিধায়ক গৰাকীক সাজু থাকিবলৈ সংগঠনটোৱে সকীয়নি প্ৰদান কৰে ৷

একেদৰে সংগঠনটোৰ অভিযোগ অনুসৰি, টিংখাঙত বিজেপিয়ে সভা-সমিতি অনুষ্ঠিত কৰিব পাৰে কিন্তু অন্য দল-সংগঠনে কিয় নোৱাৰে বুলিও প্ৰশ্ন কৰি অখিল গগৈ, হেমন্ত কোঁৱৰ, শশী সেনচোৱাক বিনাচৰ্তে মুকলি কৰি নিদিলে আন্দোলন আৰু তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷ আনকি, ইয়াৰ বাবে যিকোনো পৰিস্থিতিৰ সৃষ্টি হলে চৰকাৰ জগৰীয়া হ'ব বুলিও সকিয়াই দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক : অন কেমেৰা দলং ভাগি পানীত পৰিল বহু লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.