মৰাণ, 4 নৱেম্বৰ : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে বুধবাৰে ডিব্ৰুগড় জিলাৰ মৰাণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজপথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷
চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত মৰাণৰ মাজমজিয়াত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় অৰ্ধ-শতাধিক আছু কৰ্মী উপস্থিত থকা এই প্ৰতিবাদী কাৰ্যসূচীত সৰ্বানন্দ সোনোৱাল হায় হায়, যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল'গান দি আকাশ বতাহ কঁপাই তোলে । শীঘ্ৰে সামগ্ৰী সমূহৰ দাম ৰোধ কৰিবলৈ প্ৰতিবাদকাৰীয়ে দাবী জনায় ।
লগতে পঢ়ক : আৰক্ষীৰ গুলিত নিহত প্ৰশান্ত বৰাৰ পৰিয়ালে পোৱা নাই ক্ষতিপূৰণ