ডিব্ৰুগড়, 17 মাৰ্চ : দেওবাৰে ডিব্ৰুগড়ত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷
ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ জালুকপাড়াত সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷ মাণিক দত্ত নামৰ লোকজনৰ বাসগৃহত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় তেওঁৰেই মালিকানাধীন কেইবাটাও ভাড়াঘৰ ৷ অগ্নিকাণ্ডৰ ফলত ওচৰতে থকা ৰয়েল ফাৰ্ণিচাৰ আৰু কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানো ভস্মীভূত হয়। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হোৱাৰ পাচত জুই নিৰ্বাপন কৰা হয় ৷