ETV Bharat / state

ডিব্ৰুগড়ৰ বিদ্য়ালয়তেই বজাৰৰ জ্ঞান দিলে শিক্ষাৰ্থীক - Cultural Exhibition in Kotoha Binapani High School

শ্ৰেণীকোঠাৰ কিতাপ এৰি পিঠা পাচলি আগত লৈ বহিল ছাত্ৰ-ছাত্ৰী । ডিব্ৰুগড়ৰ কোটোহা বীণাপাণি উঃ মাঃ বিদ্যালয়ত বিজ্ঞান তথা সামাজিক আৰু সাংস্কৃতিক প্ৰদৰ্শনী অনুষ্ঠান । বজাৰত কিনা-বেচাৰ অভিজ্ঞতা ছাত্ৰ- ছাত্ৰীক বুজাবৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপ ।

Cultural Exhibition in Kotoha Binapani High School
কোটোহা বীণাপাণি উচ্চ মাধ্যমিক বিদ্যালয়
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 12:34 PM IST

কোটোহা বীণাপাণি উচ্চ মাধ্যমিক বিদ্যালয়

মৰাণ, ২৭ ডিচেম্বৰ: চৰকাৰী বিদ্যালয়ত গুণগত শিক্ষা ছাত্ৰ- ছাত্ৰী সকলে লাভ নকৰাৰ অভিযোগ দীৰ্ঘদিনীয়া । চৰকাৰে চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে নতুন নীতি নিয়ম প্ৰৱৰ্তন কৰিছে যদিও বহু চৰকাৰী বিদ্যালয় সংস্কাৰমুখী হৈ উঠা নাই । তেনে সময়তে ডিব্ৰুগড়ৰ এখন চৰকাৰী বিদ্যালয়ত শ্ৰেণীকোঠাৰ কিতাপ এৰি পিঠা, পাচলি আগত লৈ বজাৰত বহিল ছাত্ৰ-ছাত্ৰী । ছাত্ৰ-ছাত্ৰী সকল ভৱিষ্যতে যাতে একো একোগৰাকী দায়িত্বশীল ব্যক্তি হৈ সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে, তাৰ বাবে ডিব্ৰুগড়ৰ কোটোহা বীণাপাণি উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান তথা সামাজিক আৰু সাংস্কৃতিক প্ৰদৰ্শনীৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ।

ইকো ক্লাৱৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন প্ৰদৰ্শনী আৰু বজাৰৰ আখৰা । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰস্তুত কৰা বিজ্ঞানৰ সামগ্ৰী আৰু কৃষিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাঙল, জুৱলি, মৈৰ লগতে সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বহু সামগ্ৰী প্ৰদৰ্শন কৰে । ইফালে, ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয় চৌহদতে এখন বজাৰ বহুৱাই বিক্ৰী কৰে বিভিন্ন সামগ্ৰী । নিজা বাৰীত উৎপাদিত পাচলি সমূহ ছাত্ৰ-ছাত্ৰী সকলে বিক্ৰী কৰে এই বজাৰত ।

পিঠা,পাচলি,মাছ, ফলমূল আদি সকলো নিজৰ নিজৰ ঘৰৰ পৰা আনি ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ চৌহদত বহা বজাৰত বিক্ৰী কৰিলে এইদৰে । গাঁও অঞ্চলৰ লোক সকলৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে তেওঁলোকৰ পৰা পাচলি সমূহ ক্ৰয় কৰি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে । চৰকাৰী খণ্ডৰ বিদ্যালয়খনে লোৱা এই পদক্ষেপৰ বাবে প্ৰধান শিক্ষক গৰাকীৰ লগতে শিক্ষক সমাজক প্ৰশংসা কৰে উপস্থিত ৰাইজে ।

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইন দেশৰ আইন, কোনেও বন্ধ কৰিব নোৱাৰে; অমিত শ্বাহ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.