ETV Bharat / state

জাগুনত জাপানীজ এনকেফেলাইটিছত ছাত্ৰৰ মৃত্যু - etv bharat

অমন উপাধ্যায় কাকপথাৰ নবোদয় বিদ্যালয়ত ষষ্ঠ শ্ৰেনীত অধ্যয়নত

অমন উপাধ্যায়
author img

By

Published : Aug 9, 2019, 8:38 PM IST

  • জাগুনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ১২ বছৰীয়া ছাত্ৰৰ মৃত্যু
  • ছাত্ৰজনৰ নাম অমন উপাধ্যায়
  • অমন উপাধ্যায় ডুমডুমা জৱাহৰলাল নবোদয়ৰ ষষ্ঠ শ্ৰেনীত অধ্যয়নৰত
  • ১৪ দিন ধৰি ছাত্ৰ জন ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল
    অমন উপাধ্যায়

  • জাগুনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ১২ বছৰীয়া ছাত্ৰৰ মৃত্যু
  • ছাত্ৰজনৰ নাম অমন উপাধ্যায়
  • অমন উপাধ্যায় ডুমডুমা জৱাহৰলাল নবোদয়ৰ ষষ্ঠ শ্ৰেনীত অধ্যয়নৰত
  • ১৪ দিন ধৰি ছাত্ৰ জন ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল
    অমন উপাধ্যায়
Intro:জাগুনত জাপানীজ এনকেফেলাইটিছ ৰোগত ছাত্ৰৰ মৃত্যু।

বৰ্তমান ৰাজ্যত বিভীষিকা ৰূপ ধাৰন কৰিছে মহামাৰী জাপানীজ এনকেফ্লাইটিজ ৰোগে ৷ ৰাজ্যৰ বিভিন্ন ঠাইত এই ৰোগে বৰ্তমান প্ৰৰ্য্যন্ত বহু লোকৰ প্ৰান কাঢ়ি নিয়াৰ সময়তে জাগুন উদয়পুৰত পুনৰ এজন ১২ বছৰীয়া কিশোৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা কিশোৰজনৰ নাম অমন উপাধ্যায় (১২ )বুলি জানিব পৰা গৈছে ৷মৃত অমন উপাধ্যায় কাকপথাৰ নৰ্বোদৈ বিদ্যালয়ত ষষ্ঠ শ্ৰেনীত অধ্যয়নত এজন ছাত্ৰ আছিল ৷ বিগত ১৪ দিন ধৰি ছাত্ৰ জন ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ মুৰৰ বিষ আৰু জ্বৰত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ছাত্ৰজনক চিকিৎসকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি ঘোষনা কৰে ৷ ৷ অৱশেষত ১৪ দিনৰ অন্তত বৃহস্পতি বাৰে নিশা ছাত্ৰজনৰ মৃত্যু ঘটে ৷ ছাত্ৰ জনৰ এনে আকস্মিক মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷


Body:Byte-1Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.