ETV Bharat / state

Joining meeting of Raijor Dal: বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিত জনতাই বাচিছে ৰাইজৰ দলক ! - Raijor Dal slams BJP

ডিব্ৰুগড়ত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী ৷ বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিৰ প্ৰায় 30 জনকৈ লোকে ৰাইজৰ দলত যোগদান কৰে ৷

Many people joined Raijor Dal at Dibrugarh
ডিব্ৰুগড়ত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী
author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 7:41 AM IST

ডিব্ৰুগড়ত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী

ডিব্ৰুগড়, 18 ছেপ্টেম্বৰ: সমাগত লোকসভা নিবাৰ্চনক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৰাজনৈতিক দলবোৰ ৷ শাসক দল বিজেপিয়ে জিলাই জিলাই সমষ্টিয়ে সমষ্টিয়ে সকলোতে সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে বিজেপিৰ দুৰ্গ হিচাপে বিবেচিত হৈ অহা ডিব্ৰুগড়ৰ বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিত ৰাইজৰ দলে অনুষ্ঠিত কৰিলে যোগদান কাৰ্যসূচী ৷ বিজেপিৰ লগতে আন বিভিন্ন দলৰ পৰা মোহভংগ ঘটি ৰাইজৰ দলত যোগদান কৰিছে ডিব্ৰুগড়ৰ বহু লোকে ।

বিধায়ক অখিল গগৈৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে ডিব্ৰুগড়ত প্ৰায় 30 জন বিজেপিৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে ৰাইজৰ দলত । ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈৰ উপস্থিতিত ডিব্ৰুগড় চহৰৰ খলিহামাৰিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে যোগদানকাৰীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বুলি কয় ৷

পৰিৱৰ্তনৰ আশাত এই লোকসকলে দলটোত যোগদান কৰে বুলি কয় কেন্দ্ৰীয় সম্পাদকজনে । ভাল দিনৰ সপোন দেখুৱাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটাই দেশৰ সাধাৰণ জনতাক কোঙা কৰি পেলোৱা শাসনৰ অৱসান বিচাৰি দেওবাৰে ডিব্ৰুগড় পৌৰসভাৰ 15 নং ৱাৰ্ডৰ প্ৰায় 30 গৰাকীৰো অধিক পুৰুষ-মহিলাই ৰাইজৰ দলত যোগদান কৰে ।

এই যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ ডিব্ৰুগড় জিলাৰ আহ্বায়ক প্ৰদীপ বৰগোঁহাই, অংকুৰ হাজৰিকা, বিশ্বজিৎ চেতিয়াকে ধৰি ভালেকেইগৰাকী দলৰ বিষয়ববীয়া উপস্থিত থাকে । কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী তথা বিজেপি মন্ত্ৰীসকলে বিধানসভাৰ মজিয়াত ৰাইজৰ দলৰ বিধায়কগৰাকীৰ প্ৰতি দেখুওৱা ব্যৱহাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক: Attempted Murder: ডিব্ৰুগড়ৰ বকুল বাইপাছত পত্নীক গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা লম্পট স্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.