মৰাণ,12 এপ্ৰিল: দেওবাৰে মৰাণত বিশিষ্ট লেখিকা দীপালী দত্ত শইকীয়াৰ নৱতম প্ৰকাশিত "মানুহৰ পৃথিৱীত" নামৰ গ্ৰন্থখন উন্মোচন কৰা হয় ৷ এই উন্মোচন অনুষ্ঠানত শিৱসাগৰৰ নিবাসী ৰাজ্যখনৰ বিশিষ্ট সাংস্কৃতিক সাধক মাখন বৰাই কয় যে "আমাৰ সমাজত মানুহ দুবিধ আছে এবিধ জ্ঞান পিপাসু, তেওঁলোকে নজনাক জানিব বিচাৰে । তেওঁলোকে কৰ্ম কৰি নিজৰ লগতে সমাজৰো উন্নতি কৰে । আনবিধে খাই-বৈ জীয়াই থাকিব বিচাৰে" ৷ বিশিষ্ট শিল্পী গৰাকীয়ে লগতে উল্লেখ কৰে যে গ্ৰন্থ হ'ল ভগৱান, জ্ঞানৰ ভঁৰাল, ভাল বিজ্ঞান, বুৰঞ্জী, গ্ৰন্থই মানুহক হহুঁৱাব পাৰে, গ্ৰন্থই মানুহক কন্দুৱাব পাৰে ।
মৰাণৰ মিলিত শিল্পী সমাজৰ সংগীত সত্ৰ ভৱনত মৰাণ শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত মৰাণ শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ৰেণু বৰুৱাই এগছি বন্তি প্ৰজ্বলন কৰি সভাখনৰ উদ্বোধন কৰে ৷ আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা মৈত্ৰেয়ী ফুকনে আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে আমাৰ অসম বাতৰি কাকতৰ কাৰ্যকৰী সম্পাদক গৌতম শৰ্মা, মৰাণ মহকুমা সাংবাদিক মঞ্চৰ কাৰ্যকৰী সভাপতি বাছা বৰাকে ধৰি জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰী, বিশিষ্ট সাহিত্যিক ডাঃ লোহিত কুমাৰ বৰা, ডাঃ প্ৰতাপ শৰ্মা, ড৹ অনিল শইকীয়া, প্ৰশান্ত দত্ত, ড৹ নন্দিতা গগৈ আৰু হোস্না আৰা বেগম । লেখিকা দীপালী দত্ত শইকীয়াই অনুভৱ প্ৰকাশ কৰা সভাখনত মৰাণ অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকে ।
উল্লেখযোগ্য যে, সভাৰ আৰম্ভণিতে উদ্যোক্তা মৰাণ শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে "চিৰ চেনেহী মোৰ ভাষা জননী" গীত পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ শেষত সাংস্কৃতিক সাধক তথা লেখিকা দীপালী দত্ত শইকীয়াৰ স্বামী ড৹ অনিল শইকীয়াই শলাগৰ শৰাই আগবঢ়ায় ৷
তলগতে পঢ়ক: বড়ো সাহিত্য সভাৰ সফল সামৰণি