ETV Bharat / state

Asom Divas Celebration : আজিও এলাগী হৈ ৰ'ল চ্যুকাফা মৈদাম - maidams of Charaideo

আজি অসম দিৱস অথবা চ্যুকাফা দিৱস(Asom Divas celebrate in Assam) ৷ সাত ৰাজ এক কৰি বৰ অসমৰ ভেটি গঢ়া স্বৰ্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰিছে ৰাজ্যবাসীয়ে(Founder of Ahom Kingdom) ৷ কিন্তু আজিও উপেক্ষিত হৈ ৰ’ল চাওলুং চ্যুকাফাৰ সমাধিস্থলী ৷ স্বৰ্গদেউৰ মৈডাম অৰ্থাৎ সমাধিস্থলী সংৰক্ষণ কৰাত এইপৰ্যন্ত গুৰুত্ব আৰোপ নকৰিলে পুৰাতত্ব বিভাগে (Archaeological Survey of India) ৷

আজিও এলাগী হৈয়েই ৰ'ল চুকাফা মৈদাম
আজিও এলাগী হৈয়েই ৰ'ল চুকাফা মৈদাম
author img

By

Published : Dec 2, 2021, 3:50 PM IST

মৰাণ, 2 ডিচেম্বৰ : সাতৰাজ সামৰি এক ৰাজ কৰি আহোম সম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ লগতে বৰ অসমৰ ভেঁটি গঢ়া মহান ব্যক্তিজন হৈছে স্বৰ্গদেউ চাওলুং চ্যুকাফা(Founder of Ahom Kingdom) । ম্যুং মাও পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰপীঠত প্ৰৱেশ কৰি ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথমখন স্থায়ী ৰাজধানী পাতিছিল চাওলুং চ্যুকাফা(Chaolung Sukapha founder of Ahom Kingdom) )ই । চৰাইদেউ(First capital of Ahom kingdom)ৰ পৰাই আৰম্ভ হৈছিল ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী অধ্যায় ।

কিন্তু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ সিংহভাগ বৰঙণি আগবঢ়োৱা প্ৰথমগৰাকী আহোম স্বৰ্গদেউৰ প্ৰতি যিমান শ্ৰদ্ধাশীল হ'ব লাগিছিল সিমান হ'ব পৰা নাই অসমীয়া জাতি । আজি সকলোৱে চ্যুকাফাৰ আদৰ্শ অনুসৰণ কৰাতো দূৰৈৰ কথা, স্বৰ্গদেউ চাওলুং চ্যুকাফা মৈডাম অৰ্থাৎ সমাধিস্থলটো সংৰক্ষণ কৰিবলৈও কাৰো কাণসাৰ নাই (Chaolung Sukapha Maidam in Charadeu)।

আজিও এলাগী হৈয়েই ৰ'ল চুকাফা মৈদাম

সাতশ বছৰৰো অধিক কাল মৈডামটো চিনাক্ত নোহোৱাকৈ থকাৰ পাছত ২০১৫ চনত বিভিন্ন আহোম পুথি, বুৰঞ্জীবিদ, টাই পণ্ডিত-গৱেষকৰ তথ্যৰ ভিত্তিত চ্যুকাফাই উপাসনা কৰা লাংকুৰী দেওশালৰ উত্তৰ দিশত বিভিন্ন দল সংগঠনৰ সহযোগত তিনিটা মৈডাম উদ্ধাৰ কৰা হয় । ইয়াৰে প্ৰথমটো স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ আৰু আন দুটা স্বৰ্গদেউজনাৰ পুত্ৰৰ বুলি ঠাৱৰ কৰা হৈছে ।

কিন্তু পৰিতাপৰ বিষয় যে, ২০১৫ চনতে উদ্ধাৰ কৰাৰ পাছতো আজিলৈকে মৈডাম তিনিটা সংৰক্ষণৰ ব্যৱস্থা নকৰিলে সংশ্লিষ্ট বিভাগে । কেৱল চ্যুকাফা দিৱস নাইবা মে-ডাম-মেফীত এগছি বন্তি প্ৰজ্বলন কৰাৰ বাদে বছৰটোৰ আন সময়ত কাৰো মনত নপৰে চাওলুং চ্যুকাফাৰ মৈডামৰ কথা । অসমীয়া জাতিৰ জনক, বৰ অসম গঢ়োতা চাওলুং চ্যুকাফাৰ সমাধিস্থল ধ্বংসৰ গৰাহত পৰাটো চৰম পৰিতাপৰ কথা হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক: UNESCO WORLD HERITAGE SITE: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদামৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.