ETV Bharat / state

মহৰম উপলক্ষে ডিব্ৰুগড়ত শান্তিপূৰ্ণ শোভাযাত্ৰা - মুহৰৰম ইছলামিক বৰ্ষপঞ্জি

মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব ৷ মুহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয় । মহৰম যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিতভাব আৰু অনুভূতিয়ে মুছলমানসকলৰ সৰ্বজনীন পৰ্বত পৰিণত কৰিছে । মহৰমক জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব বুলিও কোৱা হয় ।

Maharam celebration at Dibrugarh
মহৰম উপলক্ষে ডিব্ৰুগড়ত শান্তিপূৰ্ণ শোভাযাত্ৰা
author img

By

Published : Aug 21, 2021, 11:11 AM IST

Updated : Aug 21, 2021, 12:54 PM IST

মৰাণ, 21 আগষ্ট : মহৰম উপলক্ষে শুকুৰবাৰে ডিব্ৰুগড়ত এক শান্তিপূৰ্ণ শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ ডিব্ৰুগড় জিলা আৰক্ষী আৰু প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ক'ভিড প্ৰট'কল ৰক্ষা কৰি ডিব্ৰুগড়ত তাজিয়া দলসমূহে বাহিৰ কৰে এই মিছিল । চহৰখনৰ পাঁচআলি, গাভৰুপথাৰ, মোহনাঘাট, লোহাৰপট্টি, নতুন বজাৰ, পাঠানপট্টি, পল্টনবজাৰ, মাইজান, ডিব্ৰুজান, গ্ৰেহেমবজাৰ, কালিবাৰী আদি স্থানৰ পৰা তাজিয়া দলসমূহে বাহিৰ কৰে মিছিল ।

Maharam celebration at Dibrugarh
মহৰম উপলক্ষে ডিব্ৰুগড়ত শান্তিপূৰ্ণ শোভাযাত্ৰা

ডিব্ৰুগড়ৰ মূল পথ সমূহেদি উক্ত মিছিলে পৰিভ্ৰমণ কৰি গ্ৰেহেম বজাৰ ঈদগাহ ময়দামত এই মিছিলৰ সামৰণি পৰে । ক'ভিড প্ৰট'কল মানি প্ৰতিখন তাজিয়া আৰু আখৰা কমিটিয়ে সৰ্বাধিক ২০-২৫ জন সদস্যই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মহৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয় । ই যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিত ভাৱ আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সাৰ্বজনীন পৰ্বত পৰিণত কৰিছে ।

মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব । মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি-বিজড়িত মহৰম মাহ অতি পৱিত্ৰ মাহ । এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল । মুছলমান সম্প্ৰদায়ৰ লোকসকলে বিশ্বাস কৰে যে, এই মাহতে সৃষ্টিকৰ্তাই পৃথিৱী সৃষ্টি কৰিছিল ।

মৰাণ, 21 আগষ্ট : উদুলি-মুদুলি বৰঝাৰ; সোণোৱালক আদৰিবলৈ তৎপৰ অসম প্ৰদেশ বিজেপি

Last Updated : Aug 21, 2021, 12:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.