ETV Bharat / state

আই চি ইউত ভৰ্তি লুৰিণ জ্যোতি গগৈৰ মাতৃ

author img

By

Published : Mar 29, 2021, 11:54 AM IST

Updated : Mar 29, 2021, 12:38 PM IST

গুৰুতৰভাৱে অসুস্থ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ ডুলু গগৈ । সোমবাৰে পুৱা প্ৰেছাৰ ষ্ট্ৰ'ক হোৱাৰ পিছতে ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয় ডুলু গগৈক । বৰ্তমান তেওঁক নাৰ্চিংহোমখনৰ আই চি ইউত ৰাখি চিকিৎসা কৰি থকা হৈছে ।

আই চি ইউত ভৰ্তি লুৰিণ জ্যোতি গগৈৰ মাতৃ
আই চি ইউত ভৰ্তি লুৰিণ জ্যোতি গগৈৰ মাতৃ

ডিব্ৰুগড়, ২৯ মাৰ্চ: নিৰ্বাচনী ব্যস্ততাৰ মাজতে এক দুঃখবৰ । অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ ডুলু গগৈ অসুস্থ । ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছে লুৰিণ জ্যোতি গগৈৰ মাতৃ ডুলু গগৈ । উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আছিল বৰ্ষীয়ান মহিলাগৰাকী ।

আই চি ইউত ভৰ্তি লুৰিণ জ্যোতি গগৈৰ মাতৃ

সোমবাৰে পুৱা লাইপুলিস্থিত নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰে । পুৱা গৰুৰ গাখীৰ খীৰাবলৈ বুলি গোহালিলৈ যাওঁতেই হঠাতে প্ৰেছাৰ ষ্ট্ৰ'ক হয় ডুলু গগৈৰ । ইয়াৰ পিছতে তেওঁক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয় ।

৬০ বছৰৰ উৰ্ধ্বৰ মহিলাগৰাকী বৰ্তমান নাৰ্চিংহোমখনৰ আই চি ইউত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, ডুলু গগৈৰ পুত্ৰ তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এইবাৰ বিধানসভা নিৰ্বাচনত দুলীয়াজান আৰু নাহৰকটীয়াৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ।

লগতে পঢ়ক:ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ শলগুৰিত দৌল উৎসৱ

Last Updated : Mar 29, 2021, 12:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.