নাহৰকটীয়া, 8 আগষ্ট: লিকখাম ! তিনি শতিকাৰো অধিক আয়ুস লিকখাম নামৰ কিতাপ খনৰ ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ঐতিহ্যমণ্ডিত নামফাকে গাঁৱত আছে টাই ভাষাত লিপিবদ্ধ আপুৰুগীয়া কিতাপখন ৷ ১৮৫০ খ্ৰীষ্টাব্দতে স্থাপিত হৈছিল বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ অনন্য কৃষ্টি-সংস্কৃতিৰে ভৰা নামফাকে গাঁও ৷ টাই জনগোষ্ঠীৰ অন্যতম ফাকেয়াল লোক সকলৰ বসতিস্থল নামফাকে গাঁও ৷ টাই ফাকে জনগোষ্ঠীয় লোকসকল পূৰ্বৰ বহ্মদেশ তথা বৰ্তমানৰ ম্যানমাৰৰ হুকং উপত্যকাৰ বাসিন্দা ৷ টাইফাকে লোকসকলে প্ৰায় 13 শ খৃষ্টাব্দতে হুকং ভেলীৰ পৰা আহি প্ৰৱেশ কৰিছিল অসমত ৷ নাহৰকটীয়াৰ বুঢ়িদিহিং নৈৰ পাৰত টিপাম ফাকে আৰু নামফাকে নামৰ দুখন গাঁও প্ৰতিষ্ঠা কৰি উপাসনাৰ অৰ্থে তেওঁলোকে স্থাপন কৰিছিল এটি বৌদ্ধ বিহাৰ ৷ সেই বৌদ্ধ বিহাৰৰ পুথিভঁৰালতে আছে লিকখাম নামৰ সোণৰ কিতাপখন ৷
সাঁচিপাতৰ পুথিৰ দৰেই লিকখামৰো পৃষ্ঠাবোৰৰ প্ৰস্থ বহল, দৈৰ্ঘ চুটি ৷ কিতাপখনত আছে মুঠ 15 টা পৃষ্ঠা ৷ প্ৰস্থই দুই ফুট আৰু দৈৰ্ঘত 6 ইঞ্চি জোখৰ কিতাপখনৰ ধাতৱীয় পাতত লিখিবলৈ ব্যৱহাৰ কৰা হৈছে লা' জাতীয় সামগ্ৰী ৷ সোণ পানী চৰাই লিখা হৈছে কিতাপ খনৰ আখৰবোৰ ৷ যাৰ বাবে শ শ বছৰৰ পাচতো বিনষ্ট হোৱাৰ থল নাথাকে কিতাপখনৰ ৷ পানী পৰিলেও উৱলি নোযোৱা, পোকে খাইয়ো বেয়া কৰিব নোৱাৰাকৈ ৰখা হৈছে আপুৰুগীয়া কিতাপ খন ৷ হুকং উপত্যকাৰ পৰা অসমলৈ আহোতে টাই লোকসকলে আন আন বিভিন্ন সামগ্ৰীৰ সৈতে কঢ়িয়াই আনিছিল কিতাপখন ৷ তেওঁলোকৰ বিশ্বাস পুথিখন যিসকল লোকে সেৱা কৰি থাকে, তেওঁলোকৰ বিপদ-আপদ সকলো দূৰ হয় ৷ আনহাতে সমাজিক আৰু গাৰ্হস্থ্য জীৱনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ ভূমিকা আগবঢ়ায় কিতাপখনে ৷
জানিব পৰা মতে , টাই জনগোষ্ঠীয় লোকসকলৰ মাজত যথেষ্ট সমাদৰ লাভ কৰি আহিছে ভিন্ন পুথিয়ে ৷ যাৰ বাবে তেওঁলোকে নিজৰ লগত কঢ়িয়াই আনিছিল আপুৰুগীয়া পুথিসমূহ ৷ সাঁচিপাতত লিখা সচিত্ৰ ৰামায়ণ মহাভাৰতৰ ওপৰিও নামফাকে বৌদ্ধবিহাৰত থকা কিতাপসমূহৰ ভিতৰত, নৰকৰ সচিত্ৰ বৰ্ণনাৰ সাঁচিপতীয়া পুথি ফুং-চেইনো অন্যতম৷ ফুং-চেইন নামৰ গ্ৰন্থখনত পৃথিৱীৰ ৩১ খন জগত ব্ৰক্ষ্মলোক, স্বৰ্গৰ আনন্দময় জীৱন, ন নৰকৰ চৰম যাতনা ইত্যাদিবোৰ চিত্ৰসহ বৰ্ণনা কৰা হৈছে ৷ টাইফাকে সকলৰ আদি স্থান য়ুনানতে এই গ্ৰন্থসমূহ প্ৰস্তুত কৰা হৈছিল বুলি ঠাৱৰ কৰা হৈছে ৷