মৰাণ, 24 নৱেম্বৰ : পূৱৰ আমাজন খ্যাত (The Amazon of the east) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান(Dehing Patkai National Park)ৰ সমীপত নিৰ্মাণ হ'ব ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আবাসিক ক'লনী(Largest residential colony in India) ৷

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নামছাং চাহ বাগিচা (Namsang Tea Garden)ত প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ অধীনত নিৰ্মাণ হ'বলগীয়া ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আবাসিক ক'লনীৰ বাবে ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ৩২ বিঘা মাটি ৷

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে আবাসীক ক'লনীৰ বাবে প্ৰয়োজনীয় ৩২ বিঘা ভূমিৰ সন্দৰ্ভত বিভাগীয় বিষয়াৰ লগত ইতিমধ্যে পৰ্যালোচনা কৰে ৷ সমান্তৰালভাৱে নামচাং চাহ বাগিচাত নিৰ্মাণ হৈ থকা চাহ জনগোষ্ঠীয় হাইস্কুলৰ কাম কাজৰো বুজ লয় বিধায়কগৰাকীয়ে ।

অন্যহাতে ৩২ বিঘা ভূমি সামৰি বাগিচাখনত নিৰ্মান হ'ব লগা আবাসীক ক'লনীৰ কামৰ আধাৰশিলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই স্থাপন কৰিব বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, ২০০৪ চনত অভয়াৰণ্য হিচাপে স্থাপন কৰা দিহিং পাটকাইক ২০২০ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰে এক অধিসূচনাযোগে ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে ৷

লগতে পঢ়ক: ইউৰোপৰ আৰ্হিত তেজপুৰত নিৰ্মাণ হ'ব 45 ফুট উচ্চতাৰ ক্লক টাৱাৰ