ETV Bharat / state

খহনীয়াৰ কবলত টিংখাং : বুঢ়ীদিহিঙৰ বুকুত বহু হেক্টৰ কৃষিভূমি - বুঢ়ীদিহিঙৰ প্ৰৱল খহনীয়া

বছৰ বছৰ ধৰি বুঢ়ীদিহিং নৈৰ খহনীয়াত বহু পৰিয়ালৰ শ শ বিঘা কৃষিভূমিৰ লগতে ঘৰ-মাটি উচন হৈছে ৷ নৈখনৰ খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত অঞ্চলকেইটাৰ বহু পৰিয়ালে ইতিমধ্যে গাঁও এৰি অন্য ঠাইলৈ যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ নৈখনৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে চৰকাৰ তথা জলসম্পদ বিভাগক বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

খহনীয়াৰ কৱলত টিংখাং : বুঢ়ীদিহিঙৰ বুকুত বহু হেক্টৰ কৃষিভূমি

author img

By

Published : Jul 25, 2021, 7:53 PM IST

টিংখাং, 25 জুলাই : ৰাজ্যত বাৰিষাৰ আগমনৰ লগে লগে বান আৰু গৰাখহনীয়া সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ টিংখাং-বুঢ়ীদিহিং নদীৰ ব্যাপক খহনীয়াই (Erosion Of Buhidihing) তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এটা বিস্তীৰ্ণ অঞ্চললৈ । বাৰিষা আহিলেই আতংকিত হৈ পৰে টিংখাঙৰ আঘোণীবাৰী, গ্ৰাণ্ট শলগুৰি আদি গাঁৱৰ নৈপৰীয়া ৰাইজ । বছৰ-বছৰ ধৰি খহনীয়াৰ কবলত পৰি অঞ্চলটোৰ বহু হেক্টৰ কৃষিভূমি বুঢ়ীদিহিঙৰ বুকুত জাহ গৈছে ।

অঞ্চলটোৰ স্থানীয় ৰাইজৰ বাৰম্বাৰ আবেদনৰ পাচতো এইক্ষেত্ৰত আজিলৈকে কোনো উচিত পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই শীঘ্ৰে অঞ্চলটোৰ কেইবাবিঘা কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । যাৰ বাবে কৃষি প্ৰধান অঞ্চলটোৰ কৃষকসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰা (MLA BIMAL BORAH)তথা জলসম্পদ বিভাগ (Water resource department)ৰ ওচৰত দাবী জনাইছে । স্থানীয় লোকৰ অভিযোগ অনুসৰি, বিজ্ঞানসন্মতভাৱে কাম নকৰাৰ বাবে এইবাৰ পুনৰ খহনীয়া আৰম্ভ হৈছে অঞ্চলটোত ৷

বুঢ়ীদিহিঙৰ বুকুত বহু হেক্টৰ কৃষিভূমি

বুঢ়ীদিহিঙৰ খহনীয়াই অঞ্চলটোত থকা মথাউৰিটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । কিন্তু জিলা প্ৰশাসন বা জলসম্পদ বিভাগে (Water resource department) অঞ্চলটোক ৰক্ষাৰ বাবে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ জলসম্পদ বিভাগৰ হেমাহিৰ বাবে কৃষিভূমি খহনীয়াৰ কবলত পৰাৰ অভিযোগ ৰাইজৰ ৷

উল্লেখযোগ্য যে, কৃষি প্ৰধান দৰিদ্ৰ লোকৰ বসতিস্থল এইসমূহ গাঁও প্ৰতিবছৰে বান আৰু খহনীয়াত সৰ্বস্বান্ত হয় ৷ সম্প্ৰতি উপায়ন্তৰ হৈ স্থানীয় ৰাইজে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ ৰাইজৰ আহ্বানৰ প্ৰতি জন প্ৰতিনিধিসকলে কিমানদূৰ সঁহাৰি প্ৰদান কৰে, সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : হাতৰ তলুৱাত লাভলীনাৰ ছবি অংকন কৰি শুভেচ্ছা জনালে যুৱকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.