ডিব্ৰুগড়, 14 মাৰ্চ : সাতামপুৰুষীয়া কলাকৃষ্টিক সজীৱ কৰি ৰখাৰ প্ৰচেষ্টাৰে নাহৰকটীয়াৰ চাচনী মঠাৱানী গাঁৱত মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছেসোণোৱাল কছাৰীসকলৰলখিমী সভা ।
নাহৰকটীয়াত সোণোৱাল কছাৰীসকলৰ লখিমী সভা - ডিব্ৰুগড়
নাহৰকটীয়াৰ চাচনী মঠাৱানী গাঁৱত মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সোণোৱাল কছাৰীসকলৰ লখিমী সভা । পৰম্পৰাগত ৰীতি-নীতি, আনন্দ-উলাহৰ মাজেৰে তিনিদিনীয়াকৈ উদযাপন কৃষিভিত্তিক এই উৎসৱ ৷
সোণোৱাল কছাৰীসকলৰ লখিমী সভা
ডিব্ৰুগড়, 14 মাৰ্চ : সাতামপুৰুষীয়া কলাকৃষ্টিক সজীৱ কৰি ৰখাৰ প্ৰচেষ্টাৰে নাহৰকটীয়াৰ চাচনী মঠাৱানী গাঁৱত মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছেসোণোৱাল কছাৰীসকলৰলখিমী সভা ।
নাহৰকটীয়াত সোণোৱাল কছাৰীসকলৰ লখিমী সভা
পৰম্পৰাগত ৰীতি-নীতি, আনন্দ-উলাহৰ মাজেৰে তিনিদিনীয়াকৈ উদযাপন কৃষিভিত্তিক এই উৎসৱ
ডিব্ৰুগড়, 14 মাৰ্চ : পৰম্পৰাগত ৰীতি-নীতি ধৰি ৰখাৰ প্ৰচেষ্টাৰে নাহৰকটীয়াৰ চাচনী মঠাৱানী গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে সোণোৱাল কছাৰীসকলে পালন কৰে লখিমী সভা । বিভিন্ন পূজা-পাৰ্বনেৰে, শোভাযাত্ৰা উলিয়াই আনন্দ-উলাহৰ মাজেৰে সোণোৱাল কছাৰীসকলে পালন কৰে কৃষিভিত্তিক এই উৎসৱ লখিমী সভা৷ লোকবিশ্বাস অনুসৰি লখিমীক এনেদৰে আদৰি আনিলে ভাল ফল পায় খেতিয়কসকলে যাৰ বাবে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে গাঁওখনত পালন কৰা হয় এই লখিমী সভা ৷
পৰম্পৰাগত ভাৱে গায়ন বায়নসহ দোলা লৈ শোভাযাত্ৰা কৰি লখিমী গীত দিহা নাম আৰু আইনামেৰে নৈত 63 গৰাকী ভগৱানক পিঠা গুৰি, তামোল পাণৰ লগতে নবৈদ্য আগবঢ়াই জাকৈ মাৰি জাকৈত উঠি অহা সামগ্ৰীসমূহ লখিমী হিচাপে লোৱাৰ উপৰিও নৈৰ পৰা কলহত পানী তুলি সেই পানী নামঘৰলৈ আনি তিনি ৰাতি ৰখাৰ পাচত পানী আৰু জাকৈত অহা সামগ্ৰীবোৰ লখিমী হিচাপে সভাৰ অন্তত নিজ ঘৰে ঘৰে লৈ যোৱাৰ এক নীতি নিয়ম পূৰ্বৰে পৰা চলি আহিছে গাঁওখনত ৷ শস্য শ্যামলা পথাৰত ঠনধৰি উঠা ধাননিডৰা পোক-পৰুৱাই অনিষ্ট কৰিব নোৱাৰাৰ লগতে সোনালী শস্যৰে কৃষকৰ ভড়াল উপচি পৰে তাৰেই কামনাৰে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰি আহিছে এই লখিমী সভা ৷
প্ৰচলিত আছে যে, দুৰ্বাশা ঋষিৰ অভিশাপত লক্ষ্মী দেৱী পানীত ডুবাৰ পিছতই কৃষক সকলে লক্ষীক বিচাৰি হাবাথুৰি খাইছিল আৰু এদিন কৃষক সকলে পানীত লক্ষ্মীক প্ৰতীকি হিচাপে দেখা পায় আৰু পানীৰ পৰা লক্ষ্মীক জাকৈ মাৰি উঠাই আনিছিল তেতিয়াৰ পৰাই পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি আহিছে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে ।