ETV Bharat / state

Khowang historic Haladhibari Nagar Than: খোৱাঙৰ ঐতিহাসিক হালধিবাৰী নগৰ থানত অনুষ্ঠিত হৈছে বছৰেকীয়া ৰাজহুৱা সবাহ - Haladhibari Nagar Than annual sobah

বছৰেকীয়া ৰাজহুৱা সবাহ উপলক্ষে ঐতিহাসিক হালধিবাৰী নগৰ থানলৈ সমাগম ঘটিছে ভক্তপ্ৰাণ ৰাইজৰ (Khowang historic Haladhibari Nagar Than) ৷ নাম-প্ৰসংগ, হাজাৰ হাজাৰ চাকি-বন্তি আৰু শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে হালধিবাৰী নগৰ থানৰ পৰিৱেশ ভক্তিময় হৈ পৰিছে ৷

annual sobah
বছৰেকীয়া ৰাজহুৱা সবাহ
author img

By

Published : Mar 4, 2023, 10:53 PM IST

বছৰেকীয়া ৰাজহুৱা সবাহ

ডিব্ৰুগড়, 4 মাৰ্চ : খোৱাঙৰ ঐতিহাসিক হালধিবাৰী নগৰ থানত আজিৰে পৰা অনুষ্ঠিত হৈছে বছৰেকীয়া ৰাজহুৱা সবাহ (Khowang historic Haladhibari Nagar Than) ৷ নাম-প্ৰসংগ, হাজাৰ হাজাৰ চাকি-বন্তি আৰু শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে আধ্যাত্মিকতাৰ এক সুন্দৰ ছবি দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাং হালধিবাৰী নগৰ থানত ।

থান খনৰ বছৰেকীয়া ৰাজহুৱা সবাহ ভাগি আজি অৰ্থাৎ 4 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে । ১৯৬২ চনৰে পৰা প্ৰতি বছৰে ফাগুন-চ'ত মাহত এই ৰাজহুৱা সবাহ ভাগি দিবা-নৈশ কাৰ্যসূচীৰে আয়োজন কৰা হয় (Haladhibari Nagar Than) । প্ৰায় অৰ্ধ শতাধিক গাঁও একত্ৰিত হৈ আয়োজন কৰা এই অনুষ্ঠান ভাগিত দূৰ-দূৰণিৰ বহু ভক্তপ্ৰাণ লোকৰ সমাগম হয় ৷

পুৱা ধৰ্মধ্বজ্জা উত্তোলনেৰে বছৰেকীয়া ৰাজহুৱা সবাহৰ কাৰ্যসূচী আৰম্ভ কৰা হয় (Bosorekia Sobah of Haladhibari Nagar Than) । শাৰী শাৰী চাকি-বন্তি আৰু শ শ ভক্তপ্ৰাণ লোকৰ উপস্থিতিয়ে সমগ্ৰ অঞ্চলটো জীপাল কৰি তুলিছে । দিবা-নৈশ কাৰ্যসূচীত নিশালৈ টোকাৰী গীত, দিহা নামকে আদি কৰি কেইবাটাও কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাজহুৱা সভা ।

ঐতিহ্যমণ্ডিত এই ঐতিহাসিক হালধিবাৰী নগৰ থানত এই বছৰেকীয়া সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি (Haladhibari Nagar Than annual sobah) । এইবাৰো তেনে এক পৰিবেশেই বিৰাজ কৰিছে । লোকবিশ্বাস অনুসৰি, এই ঐতিহাসিক হালধিবাৰী নগৰ থানত সেৱা ল'লে মনৰ সকলো কামনা পূৰ্ণ হয় ।

এই ঐতিহাসিক থান খন কোন ৰজাই নিৰ্মাণ কৰিছিল সেই কথা সঠিক ৰূপত আজিও জানিব পৰা হোৱা নাই যদিও থান খনত আজিও ৰজা দিনীয়া ঐতিহাসিক সমল উপলব্ধ । প্ৰায়েই পুৰাতত্ত্ব বিভাগৰ বিষয়াৰ দলে আহি ঐতিহাসিক থান খন পৰিদৰ্শন কৰাৰ লগতে থানৰ চৌহদত তথ্য বিচাৰি খনন কাৰ্যও চলাইছিল ।

লগতে পঢ়ক : Bike rally at BTR: পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে BTRত পৰ্যটন ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.