ETV Bharat / state

Amritpal Singh latest news : আত্মসমৰ্পণৰ পিচতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে অমৃতপালক - Mohanbari Airport in Dibrugarh

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছে খালিস্তানী নেতা অমৃতপাল সিঙক (Khalistani leader Amritpal Singh news update) ৷

Etv Bharat
Etv Bharat
author img

By

Published : Apr 23, 2023, 9:48 AM IST

Updated : Apr 23, 2023, 2:14 PM IST

ডিব্ৰুগড়, 23 এপ্ৰিল : আত্মসমৰ্পণৰ পিচতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছে পলাতক খালিস্তানী নেতা অমৃতপাল সিঙক ৷ বাথিণ্ডা বিমান বন্দৰলৈ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনাহ হয় অমৃতপালক ৷ ইয়াৰ পাচতেই অমৃতপালক বিশেষ বিমানযোগে লৈ অনা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ পঞ্জাৱ আৰক্ষীৰ এটা দলে বাথিণ্ডা বিমান বন্দৰলৈ লৈ আনে অমৃতপাল সিঙক ৷ সমান্তৰালভাৱে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতো কটকটীয়াকৈ গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী (Amritpal Singh surrender) ৷

উল্লেখ কৰা প্ৰয়োজন যে, আৰক্ষীয়ে অমৃতপাল সিঙৰ বিচাৰ-খোচাৰ চলায় থকা সময়ত অমৃতপাল সিঙৰ সহযোগী তথা খালিস্তানৰ বহু সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । কিছুদিন পূৰ্বে অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰকো অমৃতসৰ বিমানবন্দৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল পঞ্জাৱ আৰক্ষীয়ে ৷ অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰক আটক কৰাৰ পিচতে শীঘ্ৰে খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি নিশ্চিত হৈছিল আৰক্ষী (Amritpal wife detained)।

অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰে লণ্ডনলৈ যোৱাৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে কৰায়ত্ত কৰে ৱাৰিছ দে পঞ্জাৱৰ মুৰব্বীৰ পত্নীগৰাকীক । মূলতঃ এগৰাকী প্ৰবাসী ভাৰতীয় হোৱাৰ বাবেহে কিৰণদীপ কৌৰে লণ্ডনলৈ যাবলৈ বিচাৰিছে বুলি জনায় জেৰা চলোৱাৰ সময়ত ৷ লগতে ভাৰতত তেওঁ মাত্ৰ 180 দিনহে থাকিব পাৰে বুলি ইমিগ্ৰেচন বিভগে চলোৱা জেৰাৰ সময়ত উল্লেখ কৰে বুলি জানিবলৈ পৰা গৈছে ৷

উল্লেখ্য যে, ৩৬ দিনৰ অন্তত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ৱাৰিছ দে পঞ্জাৱৰ মুৰব্বী অমৃতপাল সিঙে । ৱাৰিছ দে পঞ্জাৱৰ ৯ জন খালিস্তান পন্থীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ইতিমধ্যেই কাৰাবন্দী কৰি ৰখা হৈছে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা আৰু কামাণ্ডোৰ জৰিয়তে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে (Khalistani leaders in Dibrugarh jail)।

ৱাৰিছ দে পঞ্জাৱৰ মুৰব্বী অমৃতপাল সিঙৰ বাবে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰটো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা (Mohanbari Airport in Dibrugarh) ৷

লগতে পঢ়ক : Amritpal surrenders: অৱশেষত শিৰনত কৰিলে অমৃতপালে; ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ সম্ভাৱনা

Last Updated : Apr 23, 2023, 2:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.