ETV Bharat / state

কাইলৈ কাতি বিহু : বজাৰত উপলব্ধ মাটিৰ চাকি

author img

By

Published : Oct 17, 2021, 11:02 AM IST

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে দুবছৰে বন্ধ আছিল সকলো ৷ অনুষ্ঠিত হোৱা নাছিল কোনো উৎসৱ-পাৰ্বণ ৷ চৰম লোকচানৰ সন্মুখীন হৈছিল মৃৎ শিল্পীসকল ৷

Kati Bihu Preparation in assam
দুবছৰৰ পাছত হাঁহি বিৰিঙিল মৃৎশিল্পীৰ মুখত

টিংখাং, 17 অক্টোবৰ : কাইলৈ কাতি বিহু । পৰম্পৰা অনুসৰি কাতি বিহু পালনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো কৃষিজীৱী ৰাইজৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে । কাতি বিহুৰ সন্ধিয়া তুলসী তলত বন্তি জ্বলাই নাম-প্ৰসংগ কৰাৰ লগতে হেঁপাহৰ পথাৰখনিত চাকি-বন্তি জ্বলাই কৃষি শস্যৰ উৎপাদন ভাল হোৱাৰ কামনা কৰে অসমীয়া চহা ৰাইজে ।

কঙালী বিহুৰ পূৰ্বে কৃষিজীৱী ৰাইজক মাটিৰ চাকিৰ যোগান ধৰিবলৈ ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল । দিনে-নিশাই কুমাৰশালত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল । টিংখাঙৰ সৰুজনী চাহ বাগিচাৰ মাজগাঁৱৰ ফেকু পণ্ডিত আৰু ৰাজেশ পণ্ডিত নামৰ পিতা-পুত্ৰ এতিয়া ভীষণ ব্যস্ত মাটিৰ চাকি প্ৰস্তুত কৰাত । ঘৰৰ ভিতৰে-বাহিৰে শাৰী-শাৰীকৈ সঁজাই থোৱা হৈছে মাটিৰ চাকিসমূহ ।

পিতা-পুত্ৰই সুদীৰ্ঘ বছৰ ধৰি চলাই আহিছে এই বৃত্তি । ইয়াত প্ৰস্তুত কৰা মাটি-চাকিসমূহ টিংখাঙৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰা হয় । বৰ্তমান প্ৰতি হেজাৰত ৮০০ টকাকৈ বিক্ৰী কৰা হৈছে এই মাটিৰ চাকিসমূহ । বিগত দুবছৰে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে চৰম লোকচানৰ সন্মুখীন হোৱা এইসকল মৃৎ শিল্পীৰ মুখত এইবাৰ হাঁহি বিৰিঙি উঠা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.