ETV Bharat / state

টিংখাঙৰ নাহৰপৰাত কৰম সন্মিলন উদযাপন

author img

By

Published : Sep 18, 2022, 1:17 PM IST

ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তত কৰম পূজাক লৈ উখল-মাখল পৰিৱেশ । নাহৰপৰাত কেইবাখনো গাঁৱৰ চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰিলে কৰম সন্মিলন (Karam Sanmilan observed in Dibrugarh)। সন্মিলনত জালি গীত, তুচু গীত, ঝুমুৰকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

Moran
টিংখাঙৰ নাহৰপৰাত কৰম সন্মিলন উদযাপন

মৰাণ,১৮ ছেপ্টেম্বৰ : কৰম পৰৱ বা কৰম পূজা অসমৰ আদিবাসী তথা চাহ জনগোষ্ঠীসকলৰ এক কৃষিভিত্তিক উৎসৱ (Karam Puja in Assam)। কৃষিকাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে সচৰাচৰ এই পূজা পালন কৰা হয় । প্ৰতিবছৰৰ দৰে এইবাৰো অসমৰ ভিন্ন প্ৰান্তত চাহ জনগোষ্ঠীৰ লোকসকলে এই কৰম পূজাৰ আয়োজন কৰিছে ।

টিংখাঙৰ নাহৰপৰাত কৰম সন্মিলন উদযাপন

লোক বিশ্বাস মতে পথাৰৰ খেতি বা শস্যক যাতে প্রাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ বাবে শালি খেতিৰ কাম শেষ কৰি ভাদ মাহৰ শুক্লা একাদশী তিথিত এই পৰৱ পালন কৰা হয় । কৰম পূজাৰ প্ৰাণ হৈছে ঝুমুৰ গীত আৰু নৃত্য । সেয়ে মাদলৰ অপূৰ্ব মূর্ছনাৰ আকৰ্ষণত ডেকা-বুঢ়া সকলোৱে কৰমস্থলীলৈ ঢাপলি মেলি আহে ।

আদিবাসী তথা চাহ জনগোষ্ঠীসকলৰ এই আপুৰুগীয়া সংস্কৃতি সংৰক্ষণৰ মানসেৰে টিংখাঙৰ নাহৰপাৰা অঞ্চলত শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে কৰম সন্মিলন উদযাপন কৰা হয় (Karam Puja celebration in Tingkhong)। নাহৰপাৰা অঞ্চলৰ ৰাইজ লগতে চোৰাতনিবাম, নাহৰপাৰা বৰবিল আৰু থেকেৰাগুৰিবাসী ৰাইজৰ সহযোগত নাহৰপাৰা জ্যোতি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় চতুৰ্থ বাৰ্ষিক কৰম সন্মিলন ।

অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা এই কৰম সন্মিলন পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে শুভাৰম্ভ কৰাৰ লগতে বৃক্ষৰোপণ, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কৰম বিষয়ক ৰচনা প্ৰতিযোগিতা, জালি গীত, তুচু গীত, ঝুমুৰকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক :সোণাৰিৰ পদপথত পকৰি বিক্ৰী কৰি ব্যতিক্ৰমি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.