ETV Bharat / state

মৰাণৰ আহোম পথাৰৰ পৰা আৰম্ভ হ'ব অসমৰ আঞ্চলিকতাবাদৰ নতুন ধাৰা

author img

By

Published : Jan 6, 2021, 9:06 PM IST

ৰাজ্যত আঞ্চলিকতাবাদী নতুন ধাৰা প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৰাজ্যত উত্থান হোৱা ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিবৰ্তন বৃহস্পতিবাৰৰ পৰা মৰাণৰ মৰাণৰ নতুন নগৰৰ আহোম পথাৰৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে প্ৰস্তুতি শেষ হোৱা অভিবৰ্তনৰ স্থলী পৰিদৰ্শন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে ৷

kamal-kumar-medhi-byte-on-abhibartan-of-raijor-dol
মৰাণৰ আহোম পথাৰৰ পৰা আৰম্ভ হ'ব অসমৰ আঞ্চলিকতাবাদৰ নতুন ধাৰা

মৰাণ, 6 জানুৱাৰী : কা' আন্দোলনৰ পটভূমিত ৰাজ্যত আঞ্চলিকতাবাদী নতুন ধাৰা প্ৰতিষ্ঠাৰ লক্ষৰে জান্ম হোৱা ৰাইজ দলৰ প্ৰথমখন ৰাজ্যিক অভিবৰ্তন 7 জানুৱাৰী পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মৰাণত অনুষ্ঠিত হ'ব ৷ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই অভিবৰ্তনৰ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে ৷

বুধবাৰে মৰাণৰ নতুন নগৰৰ আহোম পথাৰৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰত অনুষ্ঠিত হ'বলগা এই অভিৱৰ্তনৰ স্থলী পৰিদৰ্শন কৰে কমল কুমাৰ মেধিয়ে ৷ ইয়াৰ পিচতেই সাংবাদিকক সম্বোধন কৰি তেওঁ কয়, মৰাণত অনুষ্ঠিত হ'বলগীয়া 'ৰাইজৰ দল'ৰ এই অভিৱৰ্তনৰ পিচতেই অসমত নতুন আঞ্চলিকবাদী ৰাজনৈতিক ধাৰা আৰম্ভ হ'ব । অসমীয়া জাতিটোক নতুন ধৰণেৰে আগবঢ়াই নিয়াৰ বাবে এই অধিবেশনত দলৰ বিষয়ববীয়াৰ লগতে কাৰ্যকৰ্তাৰ তথা সদস্য-সদস্যাসকলে শপত ল'ব বুলি মন্তব্য প্ৰকাশ কৰে কমল কুমাৰ মেধিয়ে ৷

ৰাইজৰ দলৰ নেতাজনে লগতে কয় যে, ২১ ত সন্মিলিত আঞ্চলিক শক্তিয়েই চৰকাৰ গঠন কৰিব । সমন্তৰালভাৱে বিজেপিয়ে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰা অভিযোগ তুলি মৰাণৰ অধিবেশনতে বিজেপিক বিদায় দিয়া হ'ব বুলি এক প্ৰত্যাহ্বানমূলক মন্তব্য প্ৰকাশ কৰে মেধিয়ে ।

উল্লেখ্য যে, অখিল গগৈয়ে কাৰাগাৰৰ পৰা ওলাই ৰাইজৰ দলৰ নেতৃত্ব ল'ব বুলি জানিবলৈ দিছে কমল কুমাৰ মেধিয়ে ৷

লগতে পঢ়ক:কৰ'ণা ভাইৰাছতকৈ অধিক ভয়ানক কংগ্ৰেছঃ অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.