ETV Bharat / state

মৰাণত নাচি-বাগি নৱবৰ্ষক আদৰিলে মন্ত্ৰী যোগেন মহনে - দিৰৈ বগৰী চাপৰিত

মৰাণত নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাইজৰ সৈতে বিহু গাই নাচিলে মন্ত্ৰী যোগেন মহনে । দিৰৈ বগৰী চাপৰিত নৱবৰ্ষক আদৰাত ব্যস্ত মন্ত্ৰীগৰাকীৰ ।

মন্ত্ৰী যোগেন মহন
মন্ত্ৰী যোগেন মহন
author img

By

Published : Jan 2, 2021, 4:31 PM IST

ডিব্ৰুগড়, ২ জানুৱাৰী: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে পুৰণিক বিদায় দি নতুনক আদৰি নৱবৰ্ষৰ প্ৰথম দিনটো সকলোৱে উদযাপন কৰিলে । ৰাজ্য়ৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে পালন কৰিলে নৱবৰ্ষৰ আনন্দ-উচাহ । ডিব্ৰুগড়ৰ মৰাণত বিভিন্ন ঠাইত বনভোজ দলে ভিৰ কৰাৰ সমান্তৰালভাৱে মৰাণ চহৰৰ সমীপৰ দিৰৈ বগৰী চাপৰিত নৱবৰ্ষক আদৰাৰ বাবে ব্যস্ত হোৱা দেখা গ'ল ৰাজহ আৰু ৰাজ্যিক গড়কাপ্তানী বিভাগৰ মন্ত্ৰী যোগেন মহনক ।

মন্ত্ৰী যোগেন মহন
মন্ত্ৰী যোগেন মহন

মন্ত্ৰীজনে পৰিয়ালৰ লোকৰ লগতে দলীয় কৰ্মীসকলক লৈ পুৱাৰ পৰা বগৰী চাপৰিত নৱবৰ্ষক আদৰণি জনায় । বছৰৰ পহিলা দিনাই মন্ত্ৰীগৰাকীয়ে নিজেই মাংস ৰান্ধি ৰাইজক খুৱায় । সমষ্টিবাসীৰ সৈতে বনভোজ খাই ৰাইজৰ লগত বিহু গাই নাচ-গান কৰিলে মন্ত্ৰীজনে । মুঠৰ ওপৰত কৰ'ণা আতংকৰ মাজতে এইবাৰ ব্যতিক্ৰমী ৰূপত নৱবৰ্ষক আদৰণি জনালে ৰাজ্যিক মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক: জিএমচিএইচৰ পৰা নিৰুদ্দেশ সৰুপথাৰৰ এজন ব্যক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.