মৰাণ, ১০ এপ্ৰিল: বিধানসভা নিবাৰ্চনক লৈ ব্যস্ত হৈ থকা বহু মন্ত্ৰী বিধায়কে নিৰ্বাচন শেষ হোৱাৰ লগে লগে দুদিন মানৰ বাবে জিৰণি লোৱা দেখা গৈছে । ইয়াৰ বিপৰীতে মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী যোহন মোহনে সমষ্টিত অসম্পূৰ্ণ হৈ থকা কামবোৰ সোনকালে শেষ কৰাৰ বাবে পৰিকল্পনা কৰা পৰিলক্ষিত হৈছে ।
শনিবাৰে চৰাইদেউ পঞ্চায়তৰ উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত এখন আলোচনা সভাৰ অনুষ্ঠিত কৰা হয় । চৰাইদেউ ভৱনৰ পেটুধোৱা পুখুৰী পাৰত অনুষ্ঠিত এই সভাত পঞ্চায়তত সম্পন্ন হোৱা বিভিন্ন উন্নয়নমূলক কামৰ বিষয়ে আলোচনা কৰা হয় ।
লগতে আধৰুৱা হৈ থকা কামসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বিষয়েও পৰিকল্পনা যুগুত কৰা হয় । এই সভাত অংশগ্ৰহণ কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী মন্ত্ৰী যেগেন মহনে । উক্ত সভাত লাকুৱা গ্ৰাম্য মণ্ডলৰ সভাপতি ৰাতুল গগৈ, চৰাইদেউ জিলাৰ উপ-সভাপতি হীৰেণ ৰাজকোঁৱৰ আৰু চৰাইদেউ পঞ্চায়তৰ দলীয় কাৰ্যকর্তাসকল উপস্থিত থাকে ।
লগতে পঢ়ক:মহানগৰীত কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু