ETV Bharat / state

চাহ শ্ৰমিকৰ বাসগৃহত নৈশ যাপন কৰিলে জীতেন্দ্ৰ সিঙে

author img

By

Published : Nov 3, 2020, 7:41 AM IST

প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে জীতেন্দ্ৰ সিঙে ৷ প্ৰথমবাৰৰ বাবে অসমলৈ আহি ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অন্তত ডিব্ৰুগড় চহৰৰ সমীপৰ লেপেটকতা চাহ বাগিছাৰ এগৰাকী চাহ শ্ৰমিকৰ বাসগৃহত নৈশ যাপন কৰে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক গৰাকীয়ে ৷

চাহ শ্ৰমিকৰ বাসগৃহত নৈশ যাপন কৰিলে জীতেন্দ্ৰ সিঙে
চাহ শ্ৰমিকৰ বাসগৃহত নৈশ যাপন কৰিলে জীতেন্দ্ৰ সিঙে

ডিব্ৰুগড়, 3 নৱেম্বৰ: সোমবাৰে অসমত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বত থকা জীতেন্দ্ৰ সিং ৷ কোনো বিলাসী হোটেলৰ কোঠাত নহয়, সৰ্বসাধাৰণ ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ অৰ্থে নেতাগৰাকীয়ে নিশাটো কটালে চাহ শ্ৰমিকৰ বাসগৃহত ৷ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে জীতেন্দ্ৰ সিঙে ৷ প্ৰথমবাৰৰ বাবে অসমলৈ আহি দিনৰ ভাগত ডিব্ৰুগড়ত চাহ আৰু প্ৰাক্তন চাহ মজদুৰসকলৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰি, নিশা তেওঁ ৰাওনা হয় ডিব্ৰুগড় চহৰৰ সমীপৰ লেপেটকতা চাহ বাগিছালৈ ৷ বাগিছাখনৰ জংঘল লাইনৰ মিনো ঘাটোৱাৰ নামৰ শ্ৰমিক গৰাকীৰ বাসগৃহত তেখেতে নৈশ যাপন কৰে ৷ তেখেতৰ লগতে একেটা গৃহতে নৈশ যাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰায়ো ৷

দিনৰ ভাগত চাহ শ্ৰমিক সকলৰ সতে মত বিনিময় কৰাৰ সময়ত তেখেতে চাহ শ্রমিক সকলৰ বহুতো অভিযোগ শুনিবলৈ পাইছিল,যাৰ বাবে তেওঁ নিশা শ্ৰমিক সকলৰ লাইনত থাকি তেওঁলোকৰ প্ৰকৃত অৱস্থাৰ বুজ ল'বলৈ চেষ্টা কৰে ৷ জীতেন্দ্ৰ সিঙৰ এই সিদ্ধান্তত বাগিছা খনৰ শ্ৰমিক সকলৰ লগতে কংগ্ৰেছ কৰ্মীসকলেও যথেষ্ট শলাগ লয় ৷ নিশা প্ৰায় ১১ বজাত জিতেন্দ্ৰ সিং লেপেটকতা বাগিচাৰ শ্ৰমিক লাইনত গৈ উপস্থিত হোৱাত তেখেতক ঝুমুৰ নৃত্যৰ লগতে, চাহ শ্ৰমিক সকলৰ পৰম্পৰাৰে আদৰি আনে ৷ শ্ৰমিক সকলে কৰা ঝুমুৰ নৃত্যত যোগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ তত্বৱধায়ক গৰাকীয়েও ৷ ৰৈ নাথাকিল ৰিপুন বৰা আৰু এটুৱা মুণ্ডাও ৷ কেৱল নৃত্য কৰাই নহয় শ্ৰমিক সকলৰ সৈতে মাটিত বহি মত-বিনিময় কৰাৰ লগতে আহাৰো গ্ৰহণ কৰে তেওঁ ৷

লগতে পঢ়ক: যোৰহাটত কংগ্ৰেছৰ মাণ্ডলিক পৰ্যায়ৰ বিষয়ববীয়া সভাত উপস্থিত জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.