ETV Bharat / state

37 বছৰ পাচত ওপজা মাটিত জীৱন মৰাণ

সেনাৰ জিম্মাৰ পৰা আজি ডিব্ৰুগড়লে লৈ অহা হ'ল প্ৰাক্তন আলফা নেতা জীৱন মৰাণক ৷ নামৰূপ উপ-আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্টাচাৰ্যই নেতৃত্বত লৈ অহা হ'ল জীৱন মৰাণক ৷

author img

By

Published : Apr 29, 2021, 5:47 PM IST

আজি ডিব্ৰুগড় পালেহি জীৱন মৰাণ
আজি ডিব্ৰুগড় পালেহি জীৱন মৰাণ

মৰাণ, 29 এপ্ৰিল : প্ৰাক্তন আলফা নেতা জীৱন মৰাণ ওৰফে গুণ অসমক বৃহস্পতিবাৰে অৰুণাচল সীমান্তৰ সেনাৰ জিম্মাৰ পৰা ডিব্ৰুগড়লে লৈ অহা হয় ৷ অসম আৰক্ষীৰ হৈ নামৰূপৰ উপ-আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্টাচাৰ্যই নেতৃত্বত লৈ অহা হয় জীৱন মৰাণক ৷ ডিব্ৰুগড়ত জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

উল্লেখ্য যে, ১৯৮৪ চনত সংগঠনটোত যোগদান কৰা বৰ্তমানৰ ৬৫ বছৰীয়া আলফা নেতা জীৱন মৰাণে বাৰ্মাত প্ৰশিক্ষণ লৈছিল । ৩৭ বছৰৰ পাচত আলফাৰ পৰা অব্যাহতি লৈ ওপজা ভূমিলৈ উভতিছে জীৱন মৰাণ ।

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উবন গাঁৱত ঘৰ মৰাণৰ । স্বাস্থ্য জনিত কাৰণত জ্যেষ্ঠ আলফাৰ নেতাৰ মৰাণে আলফা ত্যাগ কৰি মূল সুঁতিলৈ আহিছে বুলি ইতিমধ্যে এক খবৰ প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: মাণিকপুৰত উপস্থিত ডিআইজি দীলিপ কুমাৰ দে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.