ডিব্ৰুগডঃ30জুনঃ জয়পুৰ থানাৰ অন্তৰ্গত তিপম ফাকিয়াল গাঁৱৰ আইচেং গোহাঁই নামৰ এজন ব্যক্তিয়ে হৰিণাৰ মাংস বিক্ৰী কৰি মঙলবাৰে আৰক্ষীৰ জালত পৰে। মঙলবাৰে সন্ধিয়া সময়ত আৰক্ষীয়ে 250 গ্ৰাম হৰিণাৰ মাংসৰ সৈতে হাতে-লোটে ধৰা পেলাই লোকজনক। ইতিমধ্যে আৰক্ষীয়ে এই সংক্ৰান্তত গোচৰ ৰুজু কৰাৰ লগতে লোকজনক আটক কৰিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ বানত দিশহাৰা সুগৰী পহুৰ পথ দুৰ্ঘটনাত মৃত্যু