নিউজ ডেস্ক, 13 অক্টোবৰ: অৱশেষত বিজেপি দলে এটা ললিপপ দিলে দলটোৰ অন্যতম এজন জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনক (MLA Prasanta Phukan) ৷ কেৱল উজনি অসমৰে নহয় সমগ্ৰ অসমৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ সমষ্টি হিচাবে পৰিগণিত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা 4 বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰশান্ত ফুকনক দলটোৱে বোলাইছে ভালৰি ৷ শেহতীয়াকৈ দলটোৱে বিধায়কজনৰ প্ৰতি দেখুওৱা আচৰণে এই কথাকে প্ৰতীয়মান কৰিছে বুলি সৰৱ চৰ্চা চলিছে ৰাজনৈতিক মহলত ৷
উল্লেখ্য যে, কংগ্ৰেছৰ শেষৰটো শাসনকালত অভাৱনীয় মূল্যবৃদ্ধিৰ বিষয়টো মূল ইছ্যু হিচাবে লৈ বিজেপিৰ সপক্ষে ব্যাপক জনমত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল দলটোৰ দুই জোষ্ঠ নেতা প্ৰশান্ত ফুকন আৰু বিজয়া চক্ৰৱৰ্তীয়ে ৷ পেট্ৰ'লজাত সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰশান্ত ফুকনে গৰুগাড়ীত উঠি যোৱা কথাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ সংবাদ মাধ্যমতো বিষয়টো বহল প্ৰচাৰ হৈছিল ৷
সেই বিষয়টোৱে জনসাধাৰণৰ মাজত ইমান গভীৰভাৱে প্ৰভাৱ পেলাইছিল যাৰবাবে পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছ দলক ৰাজ্যৰ গৰিষ্ঠসংখ্যক জনগণে নস্যাৎ কৰি বিপুল সংখ্যগৰিষ্ঠতাৰে অগপ-বিজেপি মিত্ৰজোঁটক(AGP BJP ALLIANCE) ৰাজ্যৰ শাসনৰ গাদীলৈ আদৰি আনিছিল ৷ তাৰপাছতেই উজনি অসমৰ অন্যতম প্ৰভাৱশালী নেতা হিচাপে চিহ্নিত হোৱা প্ৰশান্ত ফুকনক চৰকাৰে মন্ত্ৰীত্ব প্ৰদান কৰিব বুলি সৰৱ চৰ্চা চলিছিল ৷
অৱশ্যে মন্ত্ৰীত্ব লাভ নকৰিলে প্ৰশান্ত ফুকনে ৷ কংগ্ৰেছৰ জয়জয়কাৰ দিনটো ডিব্ৰুগড় সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা প্ৰশান্ত ফুকনক মন্ত্ৰীত্ব প্ৰদান কৰা হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও সৰ্বানন্দ সোণোৱালপন্থী হিচাবে জনাজাত বিধায়কজন বঞ্চিত হৈছিল মন্ত্ৰীত্ব লাভৰ পৰা ৷ শেহতীয়াভাবে পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত বিধায়ক ফুকনক সন্তষ্ট কৰি ৰাখিবলৈ ৰাজ্যিক বিজেপিয়ে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ অৰ্থাৎ কেবিনেট মন্ত্ৰীৰ সমপৰ্যায়ৰ মৰ্যাদা দি ফুকনক ভালৰি বোলাবলৈ চেষ্টা কৰা বুলি সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Assam CM Himanta Biswa Sarma) নেতৃত্বত বিজেপিৰ দ্বিতীয়খন চৰকাৰ গঠন হোৱাৰ পাছত সোণোৱালপন্থী বুলি জনাজাত গৰিষ্ঠসংখ্যক নেতা-মন্ত্ৰীৰে পাখি কটা কাৰ্য আৰম্ভ হ'ল ৷ কেৱল সেয়াই নহয়, ৰাজ্যিক বিজেপিৰ কাৰ্যালয়টো মুকলিৰ সময়তো সোণোৱালপন্থী নেতা-মন্ত্ৰীসকলক অৱজ্ঞা কৰা পৰিলক্ষিত হৈছিল যি কাৰ্যই বিতুষ্ট কৰি তুলিছিল বহুজনকে ৷
তাৰবাবে ৰাজ্যিক বিজেপিয়ে বিসম্বাদৰ ভয়ত দলৰ জ্যেষ্ঠ নেতাজনক সন্তুষ্ট কৰি ৰাখিবলৈ বিভিন্ন কৌশলী স্থিতি অৱলম্বলন কৰিছে যদিও ভুলাব পৰা নাই বিধায়ক ফুকনৰ মন ৷ কেবিনেট পৰ্যায়ৰ মৰ্যাদা দিলেও ফুকনে এজন কেবিনেট মন্ত্ৰীয়ে যি নিৰাপত্তা পায় সেয়া গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছে মন্ত্ৰীগৰাকীয়ে ৷ সততে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ তথা সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰি অহা এইগৰাকী নেতাৰ স্থিতি আগন্তুক সময়ত কি হয় সেয়া হ’ব এক লক্ষণীয় বিষয় ৷
এই কথা ঠিক যে বিজেপিৰ বেয়া সময়ত দলটোৰ সাংগঠনিক ভেঁটি সৱল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাই নহয় দলীয় ভেটিটো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ডিব্ৰুগড়ৰ বিধায়ক ফুকনে ৷ তেনে প্ৰেক্ষাপটত কেৱল সোণোৱালপন্থী বুলিয়েই মন্ত্ৰীসভাৰ পৰা আঁতৰাই ৰখা কথাটো গুণমুগ্ধসকলে সহজভাৱে ল’ব পৰা নাই ৷
মন কৰিবলগীয়া যে, বিগত ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত এইজন বিধায়কৰ বিৰুদ্ধে উত্থাপিত হৈছিল ভোট ক্ৰছিঙৰ অভিযোগ ৷ অৱশ্যে সেই অভিযোগ তাৎক্ষণিকভাৱে নস্যাৎ কৰিছিল বিধায়কজনে ৷ ইয়াৰ আঁৰতো ষড়যন্ত্ৰৰ গোন্ধ পাইছিল বহুজনে ৷
লগতে পঢ়ক: Bhupen Borah Encounter Threat : কোনে এনকাউণ্টাৰ কৰিব খুজিছে ভূপেন বৰাক ?