ETV Bharat / state

মৰাণত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ দুৰ্নীতি - মৰাণত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ দুৰ্নীতি

এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ দুবছৰ পূৰ্বে পকীকৰণ কৰা পথচোৱাই জ্বলা-কলা খুৱাইছে ৰাইজক৷ বিধ্বস্ত ৰূপত পৰিণত মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ শেনচোৱা পুখুৰী আৰু শিলপুতা সংযোগী পথ (Poor Condition of Road in Moran)।

Irrigation of rooting by contractor in name of road contruction in moran
মৰাণত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ দুৰ্নীতি
author img

By

Published : Aug 26, 2022, 10:52 AM IST

মৰাণ, 26 আগষ্ট: যি সময়ত চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে একাংশ ঠিকাদাৰে চলাই গৈছে লুন্ঠনৰাজ ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাকো যেন এক প্ৰকাৰে বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰে চলাই গৈছে লুন্ঠনৰাজ । একাংশ ঠিকাদাৰৰ মইমতালিৰ বাবে বিভিন্ন সময়ত কুফল ভোগ কৰিবলগীয়া হয় সাধাৰণ জনতাই৷ শেহতীয়াকৈ, এনে এক ঘটনাই সংঘটিত হৈছে মৰাণত ৷ এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক (Poor Condition of Road in Moran) ৷ বিধ্বস্ত ৰূপত পৰিণত মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ শেনচোৱা পুখুৰী আৰু শিলপুতা সংযোগী পথটো ।

মৰাণত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ দুৰ্নীতি

উল্লেখ্য যে, দুবছৰ পূৰ্বে পকীকৰণ কৰা হৈছিল পথচোৱা৷ কিন্তু দুবছৰ পিছতে পথটোৰ এচোৱাত এতিয়া একাঁ‌ঠু বোকা । কোটি টকা খৰচ বাবদ নিৰ্মাণ কৰা পথটোৰ দুৰাৱস্থাই ৰাইজক বাৰুকৈয়ে জলা-কলা খুৱাইছে । কেৱল ইমানেই নহয়, পথটোত থকা পকী দলংখনৰ এটা মুৰত পথটোৰ এটা অংশ প্ৰায় খহি পৰিছে । বিপদসংকুল ভাৱে পাৰাপাৰ হ'ব লগা হৈছে যান-বাহনসমূহ । যাৰ ফলত যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে দুৰ্ঘটনা ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, পথচোৱা মেৰামতি কৰাৰ সময়ত ৰাইজে ঠিকাদাৰক পথটো ভালদৰে মেৰামতি কৰিবলৈ কাতৰ অনুৰোধ কৰিছিল যদিও ৰাইজৰ অনুৰোধক কৰ্ণপাত নকৰিলে ঠিকাদাৰে ।

আনহাতে, মৰাণ সমষ্টিৰ বিধায়কজনৰ অতি ঘনিষ্ঠ বুলি পৰিচিত ঠিকাদাৰজনে কাকো কেৰেপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু যান-বাহন চলাচল কৰা পথটো জৰাজীৰ্ণ হৈ পৰাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিয়ে কিবা ব্যৱস্থা কৰিব নে? নে এনেকৈয় দুৰ্ভোগ ভুগীব লাগিব ৰাইজে । সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: ধেমাজিত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পৰিবহণ বিভাগৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.