মৰাণ,4 ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন দুৰ্নীতি সন্দৰ্ভত ধাৰাবাহিক আন্দোলনৰ অন্তত বুধবাৰে ৰাজ্যপালে গঠন কৰি দিয়া তদন্তকাৰি দলটোৱে উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছ । ৰাজ্যপালে প্ৰেৰণ কৰা দলটোত আছে শিক্ষা সংসদৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া,উজনি অসম আয়ুক্ত মলয় বৰা,ফৰেনচিক বিজ্ঞানী ৰাজীৱ শেনচোৱা আৰু ইচৰাফিল মুছাহাৰী ।
উল্লেখযোগ্য যে,বিয়লি ২-৩০ বজাৰ পৰা তদন্ত কৰিব ভুৱা বিলৰ অভিযোগৰ তদন্ত,চহী,হাতৰ আখৰ বিভিন্ন নথি পত্ৰ পৰীক্ষা,বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ আদিকে ধৰি উত্থাপিত অভিযোগৰ তদন্ত কৰি ৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি দলটোৱে উল্লেখ কৰে।
সম্প্ৰতি বিত্তীয় অনিয়মৰ তথ্য পোহৰলৈ অহাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হৰিচন্দ্ৰ মহন্ত, উপ-পঞ্জীয়ক(বিত্ত) দিগন্ত বৰাক নিলম্বন কাৰ্যবাহী পৰিষদৰ ৷ জিতেন হাজৰিকা নতুন পঞ্জীয়ক (i/c), পৰমানন্দ সোণোৱাল উপ-পঞ্জীয়ক (i/c) হিচাপে দায়িত্ব অপৰ্ণ কৰে ৷
লগতে পঢ়কঃ মহানগৰীৰ চচলত প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ