ETV Bharat / state

বিৰোধী এক নোহোৱা বাবেই থাওৰাৰ ৰাজনৈতিক পৰিৱেশ ধুঁৱলী-কুঁৱলী : কৃষ্ণ গগৈ

মিনি দিছপুৰলৈ ৰূপান্তৰিত থাওৰা সমষ্টি ৷ ক্ৰমাৎ তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দলসমূহৰ মাজতো ৷ CPI দলৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়েও অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ উপ-নিৰ্বাচনৰ সন্দৰ্ভত কি কয় কৃষ্ণ গগৈয়ে ৷ চাওক সবিশেষ...

intrivew with Krishna Gogoi
বিৰোধী এক নোহোৱা বাবেই থাওৰাৰ ৰাজনৈতিক পৰিৱেশ ধুঁৱলী-কুঁৱলী : কৃষ্ণ গগৈ
author img

By

Published : Oct 26, 2021, 2:00 PM IST

মৰাণ, 26 অক্টোবৰ : উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । উপ নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্যৰ পাঁচটা সমষ্টিতে বলিছে নিৰ্বাচনী বতাহ ৷ থাওৰা সমষ্টিতো সকলো ৰাজনৈতিক দলৰে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷

একপ্ৰকাৰে থাওৰা ৰূপান্তৰিত হৈছে মিনি দিছপুৰলৈ ৷ প্ৰতিশ্ৰুতি আৰু বোকা ছটিওৱা ৰাজনীতিৰে বৰ্তমান থাওৰাৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে ৷ এনে সময়তে সমষ্টিটোৰ চিপিআই দলৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দেখা গৈছে ৷

নিৰ্বাচনী প্ৰাৰ্থী গগৈয়ে ৰাইজৰ মাজলৈ গৈ বিভিন্ন আশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ৷

কৃষ্ণ গগৈৰ সৈতে এটি সাক্ষাৎকাৰ

সোমবাৰে এক সাক্ষাৎকাৰত তেওঁ কয় যে, ‘মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী কৃষ্ণ গগৈ ৷ ৰাইজৰ সমস্যাসমূহ সমাধান কৰাত চৰকাৰ ব্যৰ্থ হৈ পৰাৰ পাচতে থাওৰাত ৰাইজে বিচাৰিছে বিকল্প । দিছপুৰৰ মন্ত্ৰী-বিধায়কসকল থাওৰালৈ আহিছে যদিও ৰাইজে কৰা প্ৰশ্নৰ উত্তৰ দিব পৰা নাই ৷ বিপৰীতে তেওঁলোকে দিছে মাথো প্ৰতিশ্ৰুতি’ ।

উল্লেখ্য যে, একালৰ সহপাঠী ধৈৰ্য কোঁৱৰ বৰ্তমান চিপিআইদলৰ প্ৰাৰ্থী কৃষ্ণ গগৈৰ প্ৰতিদ্বন্দ্বী ৷ যাক লৈ দুখিতঃ CPI দলৰ প্ৰাৰ্থীগৰাকী ৷ প্ৰাৰ্থীগৰাকীয়ে কয় যে, বিৰোধী এক নোহোৱাৰ বাবেই বৰ্তমান থাওৰাৰ ৰাজনৈতিক পৰিৱেশ ধুঁৱলী-কুঁৱলী হৈ পৰিছে ।

লগতে পঢ়ক : আত্মসহায়ক গোটৰ মাজত বাহন বিতৰণ মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.