ETV Bharat / state

Dibrugarh Financial Scam: ডিব্ৰুগড় জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত বিত্তীয় কেলেংকাৰী সন্দৰ্ভত তদন্ত - Dibrugarh District Education Officer office

ডিব্ৰুগড় জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত 30 লাখ টকাৰ বৃহৎ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ষ্টেট মিচন অফিছৰ তিনি বিষয়াই চলাই তালাচী অভিযান ৷ ডিব্ৰুগড়ৰ সৰ্ব শিক্ষাৰ কাৰ্যালয়ত চলে এই তালাচী অভিযান (Dibrugarh SSA funds misuse case) ৷

Dibrugarh SSA funds misuse case
ডিব্ৰুগড়ৰ সৰ্ব শিক্ষাৰ কাৰ্যালয়ত তালাচী
author img

By

Published : May 19, 2023, 9:59 PM IST

ডিব্ৰুগড় জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত বিত্তীয় কেলেংকাৰী

ডিব্ৰুগড়, 19 মে’: ডিব্ৰুগড় জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত 30 লাখ টকাৰ বৃহৎ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ষ্টেট মিচন অফিছৰ তিনি বিষয়াই চলাই তালাচী অভিযান ৷ ডিব্ৰুগড়ৰ সৰ্ব শিক্ষাৰ কাৰ্যালয়ত চলে এই তালাচী অভিযান ৷ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ পাছৰ পৰাই তিনিটাকৈ গুৰুত্বপূৰ্ণ ফাইল হেৰোৱাৰ আভিযোগ কাৰ্যালয়টোৰ পৰা ৷ ইতিমধ্যে হেৰোৱা ফাইল আৰু কেলেংকাৰী সন্দৰ্ভত অধিক তথ্যৰ সন্ধানত তিনিজনীয়া দলটোৱে চলাইছে অভিযান (Dibrugarh SSA funds misuse case) ৷

কাৰ্যালয়টোৰ একাউন্ট বিভাগত সংঘটিত হোৱা এই ব্যাপক দুর্নীতিৰ তদন্তৰ বাবে ইতিমধ্যে আৰক্ষীৰ এটা দলেও এদিন পূৰ্বে কাৰ্যালয়টোত অভিযান চলাই ৷ আৰক্ষীৰ অভিযান কালত কাৰ্যালয়টোৰ দুটা কোঠা বিশেষভাৱে তালাচী চলোৱা হৈছিল ৷ আৰক্ষীয়ে অভিযান কালত লগত লৈ গৈছিল কাৰ্যালয়টোৰ কেইখনমান গুৰুত্বপূর্ণ নথি ৷

উল্লেখ্য যে, ডিব্ৰুগড়ৰ সৰ্বশিক্ষা কাৰ্য্যালয়ৰ প্ৰায় 30 লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ গোচৰত কাৰ্যালয়টোৰ গাণনিক ধনটি গগৈ আৰু আন এজন বিষয়া গিয়াছ আলিক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৷ পৰৱৰ্তী সময়ত জামিনত দুয়ো মুকলি হ'ল যদিও, কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া এতিয়াও ক্ষীপ্ৰ গতিত অব্যাহত আছে (Dibrugarh Financial Scam) ৷

কাৰ্যালয়টোৰ বিত্তীয় বিষয়া গীয়াছ আলি জামিনত ওলাই আহি পুনৰ কাৰ্যালয়ত নিজৰ কৰ্মস্থলীত উপস্থিত হৈছে যদিও অভিযুক্ত বিষয়াজনক কাৰ্যালয়ৰ কোনো কাম-কাজ কৰিবলৈ দিয়া হোৱা নাই বুলি জনাইছে শিক্ষা বিষয়াই ৷ বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত গীয়াছৰ ওপৰত এই ব্যৱস্থা লোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ নিজ আসনৰ পৰিৱৰ্তে বেলেগ কক্ষতহে গীয়াছক বহিবলৈ দিয়া হৈছে ৷ অভিযুক্ত গীয়াছৰ আলিৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জনাইছে কৰ্তৃপক্ষই (Dibrugarh SSA fund siphoning case) ৷

উল্লেখ্য যে, জিলা শিক্ষা বিষয়াই মেণ মাহৰ আৰম্ভণিতেই বিত্তীয় কেলেংকাৰী উমান পাই ডিব্ৰুগড় সদৰ থানত গোচৰ দিছিল ৷ এই গোচৰৰ ভিত্তিত ৮ মে'ত গাণনিক ধনটি গগৈক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ ইফালে কাৰ্যালয়টোৰ বিত্তীয় বিষয়া গীয়াছ আলীক ডিব্ৰুগড় আৰক্ষীয়ে 10 মে'ত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল (Dibrugarh SSA Scam) ৷

লগতে পঢ়ক: Karim Uddin Barbhuiya controversy: কৰিম উদ্দিন বৰভূঞাৰ ডিগ্ৰী জালিয়াতিৰ বিৰুদ্ধে পুনৰ সৰৱ আমিনুল হক লস্কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.