ETV Bharat / state

মৰাণত ক'ভিড আক্ৰান্তৰ বাবে দিয়া সামগ্ৰী আত্মসাৎ - ৰঙালাও

চাউল, দাইল, আলু, পিয়াজ, চাৰ্ফ, চাবোন, গাখীৰ, তেল আদি সামগ্ৰী ৰাইজে পাইছে যদিও চৰকাৰী হিচাপতকৈ বহু গুণে কম । কেৱল ইমানেই নহয় পাচলিৰ নামত দিছে এটা ৰঙালাও । যাৰ মূল্য ২৩৫ টকা হৈছেগৈ বুলি ৰাইজে অভিযোগ কৰিছে ।

মৰাণত ক'ভিড আক্ৰান্তৰ বাবে দিয়া সামগ্ৰী আত্মসাৎ

author img

By

Published : May 27, 2021, 10:40 PM IST

মৰাণ,27মে’: চৌদিশে ক'ভিডৰ সংহাৰি ৰূপ । এই দুঃসময়তো একাংশ দালালে লুণ্ঠন চলাবলৈ এৰি দিয়া নাই । মৰাণৰ এখন গাঁৱৰ তেনে এক খবৰেই পোহৰলৈ আহিছে । খবৰ অনুসৰি, মৰাণৰ সমীপৰ খোৱাং বাঁ‌হনি পথাৰ গাঁওখন কণ্টেইনমেণ্ট জ'নত আছিল । সেই অনুসৰি গাঁওখনৰ লোকসকললৈ আহিছিল চৰকাৰী সাহাৰ্য । এই সাহাৰ্যত ২ হাজাৰ টকাৰ সামগ্ৰী থাকিব লাগিছিল যদিও প্ৰায় ১ হাজাৰ ৩ শ মান টকাৰ সামগ্ৰীহে কণ্টেইনমেণ্টত থকা লোক সকলেপোৱা বুলি অভিযোগ কৰিছে ৷

মৰাণত ক'ভিড আক্ৰান্তৰ বাবে দিয়া সামগ্ৰী আত্মসাৎ

উল্লেখযোগ্য যে, চাউল, দাইল, আলু, পিয়াজ, চাৰ্ফ, চাবোন, গাখীৰ, তেল আদি সামগ্ৰী ৰাইজে পাইছে যদিও চৰকাৰী হিচাপতকৈ বহু গুণে কম । কেৱল ইমানেই নহয় পাচলিৰ নামত দিছে এটা ৰঙালাও । যাৰ মূল্য ২৩৫ টকা হৈছেগৈ বুলি ৰাইজে অভিযোগ কৰিছে । সামগ্ৰী সমূহ বিতৰণ কৰিছিল গাঁ‌ৱৰে ৰঞ্জিত ফুকন আৰু তৰুণ চেতিয়া নামৰ ব্যক্তি দুজনে । বিতৰণৰ সময়ত উপস্থিত আছিল মৰাণৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া পাপৰি বৰগোঁ‌হাই, স্থানীয় লাট গাঁওবুঢ়া আৰু পঞ্চায়ত প্ৰতিনিধি ।

জুলুঙাৰ মেকুৰী ওলাই পৰে বুলি ৰাইজক আভুৱা ভাৰি সামগ্ৰী সমূহ এনজিঅ'ৰ ফালৰ পৰা দিয়া হৈছে বুলি লাট গাঁওবুঢ়াই অৱগত কৰিছিল । পাচত সকলো কথা পোহৰলৈ অহাত লাট গাঁওবুঢ়াই দুৰ্নীতি ঢাকিবলৈ সকলো বস্তু সঠিকভাৱে পোৱা হৈছে বুলি ৰাইজৰ পৰা চহী সংগ্ৰহ কৰে বুলি ৰাইজে উল্লেখ কৰিছে । ইফালে ক'ভিডৰ সময়ত দৰিদ্ৰ লোকৰ পৰা এনেদৰে ভোকৰ ভাত কাঢ়ি খাব বিচৰা কাৰ্যক সকলোৱে গৰিহণা দিছে ।

লগতে পঢ়কঃ বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ: পালন কৰা হৈছে 'ক'লা দিৱস'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.