মৰাণ, ৬ ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিতৰতে জিলিকি উঠিছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় । বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে দক্ষতাৰে দায়িত্ব পালন কৰাৰ বাবে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ে ।
ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালাকালয়ৰ অধীনত ৰাজ্যখনত থকা বিভাগীয় কাৰ্যালয়সমূহৰ ভিতৰত তিনিটা কাৰ্যালয়ক পুৰস্কৃত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । সূচাৰুৰূপে কৰ্তব্য পালন কৰা এই তিনিটা কাৰ্যালয়ৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ে ।
শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্যালয়টোক প্ৰথম পুৰস্কাৰেৰে সন্মানিত কৰে । এই সাফল্যক লৈ আনন্দিত হৈ পৰিছে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল ।
লগতে পঢ়ক:ইকো-টুৰিজিম সংবৰ্ধনৰ লক্ষ্যৰে মুকলি "প্ৰজেক্ট যাযাবৰ"