টিংখাং, 10মে': ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীক লৈ উৎফুল্লিত সদৌ অসম সচেতন মহিলা মঞ্চ ৷ দীৰ্ঘদিন ধৰি মাইক্ৰ'ফাইনেঞ্চৰ পৰা ঋণলৈ আৰ্থিকভাৱে জুৰুলা হৈ অহা মহিলাসকলে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লৈ দেখিছে আশাৰ ৰেঙণি ৷ নিৰ্বাচনৰ আগত অসমৰ লাখ লাখ মহিলাই তেওঁলোকে ভুগি অহা সমস্যাৰ সমাধানৰ পথ বিচাৰি হিমন্ত বিশ্ব শৰ্মাৰ কাষ চপাত তেওঁ মহিলাসকলক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মুক্ত কৰা প্ৰতিশ্ৰুতি দিছিল ৷
দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম উত্থাপিত হোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ঋণগ্ৰস্ত মহিলাসকল ৷ ঋণমুক্ত হোৱাৰ আশা বুকুত বান্ধি মাইক্ৰ'ফাইনেঞ্চৰ কবলত পৰি গঠন হোৱা সদৌ অসম সচেতন মহিলা মঞ্চই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী সকলক সমৰ্থন জনাই আহিছিল ৷ এতিয়া তেওঁলোকে বিচৰা ধৰণেৰে চৰকাৰ গঠন হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে মহিলাসকল ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে সাজু কলাক্ষেত্ৰ