ETV Bharat / state

উদ্বেগজনকভাৱে উজনিত বৃদ্ধি পাইছে HIV ত আক্ৰান্ত সংখ্যা - HIV ত আক্ৰান্ত

HIV ত আক্ৰান্ত ৰোগীৰ সংখ্যাই পুনৰ আন এক আতংকৰ সৃষ্টি কৰিছে ৷ উজনিত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মাৰাত্মক HIV পজিটিভত আক্ৰান্ত ৰোগীৰ সংখ্যা ।

increase number of HIV case in upper assam
উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV ত আক্ৰান্ত সংখ্যা
author img

By

Published : Sep 1, 2021, 10:58 PM IST

ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ : ৰাজ্যৰ ক'ভিড পৰিস্থিতি সামান্যভাৱে স্বাভাৱিক অৱস্থালে অহাৰ সময়তে HIV ত আক্ৰান্ত ৰোগীৰ সংখ্যাই পুনৰ আন এক আতংকৰ সৃষ্টি কৰিছে ৷ উজনিত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মাৰাত্মক HIV পজিটিভত আক্ৰান্ত ৰোগীৰ সংখ্যা ।

বিগত দুটা বছৰত AMCH ত চিনাক্ত হৈছে সৰ্বাধিক ৩২৩ গৰাকী HIV পজিটিভ ৰোগী । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই সদৰি কৰা মতে চিকিৎসাধীন অৱস্থাত থকা ১৮ গৰাকী HIV ত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ।

উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV ত আক্ৰান্ত সংখ্যা

লগতে পঢ়ক: অৰুণাচলত পণবন্দী মৰাণৰ 12 জন যুৱক; পুত্ৰক বিচাৰি অশ্ৰুপাত মাতৃৰ

গোলাঘাট জিলাত সৰ্বাধিক লোক HIV আক্ৰান্ত হৈছে ৷ বিশেষকৈ বহিঃৰাজ্যত কৰ্মৰত লোক সকলৰ মাজত এই সংখ্যা সৰ্বাধিক ৷ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, ধেমাজী, লখিমপুৰ জিলাতো বহুলোক HIV আক্ৰান্ত হৈছে বুলি জানিবলৈ দিছে ডাঃ প্ৰশান্ত দিহিঙীয়াই ৷

উল্লেখ্য যে, অসম চিকিৎসা মহাবিদ্যালয়ত নিয়মীয়া চিকিৎসা গ্ৰহণ কৰি ২৩৯ গৰাকী HIV আক্ৰান্ত চিকিৎসাধীন হৈ আছে ৷ চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ বয়স ২৫ বছৰৰ উৰ্দ্ধৰ । একেটা চিৰিঞ্জ ব্যৱহাৰ কৰি ড্ৰাগছ সেৱন আৰু যৌন সম্পৰ্কৰ বাবেই উজনিত ভয়াৱহ ৰূপত HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি সন্দেহ প্ৰকাশ কৰিছে AMCHৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ৷

লগতে পঢ়ক: ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.