ETV Bharat / state

ডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক - ডিব্ৰুগড় জিলা উপায়ুক্ত

দুৰ্গোৎসৱৰ সময়ত কোভিড প্ৰট’কলৰ পালন সম্পৰ্কত ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন ৷ উক্ত বৈঠকত উপস্থিত থাকে জিলাখনৰ সাতটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল ৷

Important meeting of DC and Circle officer of Dibrugarh for Durga puja assam etv bharat news
ডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Oct 22, 2020, 1:44 PM IST

মৰাণ,22 অক্টোবৰ: ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই বুধবাৰে জিলাখনৰ সাতোটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত শাৰদীয় দুৰ্গোৎসৱৰ সময়ত প্ৰতিটো ৰাজহ চক্ৰত কোভিড প্ৰট’কলৰ পালন সম্পূৰ্ণৰূপে নিশ্চিত কৰাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ৷ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত উক্ত সভাত উপায়ুক্তগৰাকীয়ে চৰকাৰী নিৰ্দেশনা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে চক্ৰ বিষয়াসকলক ৷

সভাত চক্ৰ বিষয়াসকলক পূজাৰ সময়ত পথৰ সমীপত যাতে কোনো ধৰণৰ পূজা অনুষ্ঠিত নহয়, লগতে অন্যান্য ৰাজহুৱা স্থানত ভিৰ সৃষ্টি নকৰে সেয়াও নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ পূজাৰ লগত সংগতি ৰাখি চাহ বাগানসমূহত যাতে অসাধু ব্যৱসায়ীয়ে চুলাই মদ বিক্ৰী আৰু জুৱা খেল অনুষ্ঠিত কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হ’বলৈ বিশেষভাৱে আহ্বান জনাই উপায়ুক্ত ঝায়ে ৷

লগতে চাওকঃ হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.