মৰাণ, 30 ডিচেম্বৰ: ডিব্ৰুগড় জিলাৰ পানী যোগান আঁচনিৰ সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ সভাত ডিব্ৰুগড় জিলাখনত জল জীৱন মিছনৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগে হাতত লোৱা পাইপ পানী যোগান আঁচনিসমূহৰ পুনৰ কাৰ্যক্ষম কৰাৰ লগতে চাহ বাগান এলেকাত চলি থকা মিনি পাইপ পানী যোগান আঁচনিসমূহৰ কামৰ পৰ্যালোচনা কৰা হয় ৷
উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগীয়ে ৷ সভাত সদৰ মহকুমাধিপতি মছন্দা পৰতীন,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰূপ শইকীয়াৰ লগতে বিভাগীয় বহু কেইজন বিষয়া উপস্থিত থাকে ৷